১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নির্বাচনৰ প্রক্রিয়া সম্পন্ন কৰিবলৈ গুৱাহাটী উচচ ন্যায়ালয়ৰ নিৰ্দেশ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 30, 2018

১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নির্বাচনৰ প্রক্রিয়া সম্পন্ন কৰিবলৈ গুৱাহাটী উচচ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী : পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰক নির্দেশ দিছে গুৱাহাটী উচচ ন্যায়ালয়ে৷ ১৫ ছেপ্টেম্বৰৰ ভিতৰত নির্বাচনী প্রক্রিয়া সম্পন্ন কৰিবলৈ আজি ন্যায়ালয়ে চৰকাৰক নির্দেশ দিয়ে৷ পঞ্চায়ত নির্বাচন মুঠ তিনিটা পর্যায়ত অনুষ্ঠিত কৰিবলৈও নির্দেশ দিয়ে৷ সমান্তৰালভাৱে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাম-কাজ চোৱা-চিতা কৰিবৰ বাবে কমিটী গঠন কৰিবলৈ চৰকাৰক ন্যায়ালয়ে নির্দেশ দিয়ে৷
আজিৰ এই নির্দেশৰ লগে লগে পূর্বে দিয়া অন্তৱর্র্তীকালীন নির্দেশসমূহ খাৰিজ কৰে৷ উল্লেখযোগ্য যে এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ বাবে চৰকাৰে পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা নাছিল৷ কিন্তু এই সন্দর্ভত কোনো কোনো ব্যক্তিবিশেষে ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰিছিল৷ উক্ত লেখ আৱেদনৰ ভিত্তিত ১৫ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নির্বাচন সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷

No comments:

Post a Comment

SPONSORED