৩১ মে’ত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফল : ‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

৩১ মে’ত উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফল : ‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল


গুৱাহাটী : অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তিনিওটা শাখাৰ ফল অহা ৩১ মে’ত প্রকাশ পাব৷ উক্তদিনা পুৱা ৯-৩০ বজাত ৱেবছাইটযোগে ফল প্রকাশ কৰিব উচচতৰ মাধ্যমিক শিক্ষা সংসদে৷ একেদিনাই ৰাজ্যৰ সকলো কেন্দ্রতে ফলৰ লগতে মার্কশ্বীট আৰু চার্টিফিকেটো শিক্ষার্থীসকলে লাভ কৰিব৷ 
৩১ মে’ত ঘোষণা হ’বলগীয়া উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফল ‘সংবাদ প্ৰহৰী’ৰ ৱেবছাইটৰ জৰিয়তেও লাভ কৰিব পাৰিব ৷ ইয়াৰ বাবে লগ অন কৰক—

http://www.sangbadprahari.co.in/p/results.html

লক্ষণীয়ভাৱে এইবাৰ সংসদে পৰম্পৰাগতভাৱে ফল প্রকাশ কৰাৰ উপৰি মুঠ ১৭টা ৱেবছাইটযোগে ফল প্রকাশ কৰিব৷ ফল ঘোষণা হ’বলগীয়া ৱেবছাইটসমূহ আজি সংসদে ঘোষণা কৰিছে৷ 
এই ৱেবছাইটকেইটা হ’ল–
  • www.ahsec.nic.in,
  • www.indiaresults.com,
  • www.jagranjosh.com,
  • www.school.gradeup.co,
  • www.examresults.net,
  • results.amarujala.com,
  • www.results.shiksha,
  • www.assamonline.in,
  • www.iresults.net,
  • www.exametc.com,
  • www.knowyourresult.com,
  • www.timesofindia.com,
  • www.examresults.net/assam/,
  • www.schools9.com,
  • www.assam.shiksha,
  • www.assamjobalerts.com,
  • www.yesresult.com


ইয়াৰ উপৰি শিক্ষার্থীসকলৰ সুবিধাৰ বাবে এছ এম এছযোগেও ফল প্রদান কৰাৰ ব্যৱস্থা কৰিছে৷

আনহাতে শিক্ষার্থীসকলে ফল লাভৰ বাবে এনড্রয়ড ম’বাইলৰ বাবে এটা এপৰো ব্যৱস্থা কৰিছে সংসদে৷ শিক্ষার্থীসকলে নিজৰ এনড্রয়ড ম’বাইলত ইয়াৰ বাবে গুগল প্লে ষ্ট’ৰৰ পৰা 'AHSEC Results 2018' এপ ডাউনল’ড কৰিব লাগিব৷ 
লক্ষণীয় যে এইবাৰ ৰাজ্যৰ মুঠ ২,৫৪,৫৬৪ জন শিক্ষার্থীয়ে তিনিওটা শাখাত উচচতৰ মাধ্যমিক পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ইয়াৰ ভিতৰত প্রায় ১.৯৫ লাখ শিক্ষার্থী কলা শাখাত, প্রায় ৩৮ হাজাৰ শিক্ষার্থী বিজ্ঞান শাখাত আৰু ১৮ হাজাৰ শিক্ষার্থী বাণিজ্য শাখাত অৱতীর্ণ হৈছিল৷ ৰাজ্যৰ মুঠ ৮২৬টা কেন্দ্রত এইবাৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ লক্ষণীয়ভাৱে পৰীক্ষা কেন্দ্রসমূহে এইবাৰ ফল, মার্কশ্বীট আৰু চার্টিফিকেট জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা সংগ্রহ কৰিব লাগিব৷ পুৱা ৭ বজাৰ পৰা নিজ নিজ জিলাৰ উপায়ুক্তৰ কার্যালয়ত এই সামগ্রী কেন্দ্রসমূহে সংগ্রহ কৰিব পাৰিব বুলি আজি সংসদে প্রকাশ কৰে৷

No comments:

Post a Comment

SPONSORED