বৰপেটাত খিলঞ্জীয়া সুৰক্ষা বাহিনী আৰু আছুৰ উদ্যোগত ‘শত শ্বহীদৰ জয়’ শীর্ষক’ গীত উন্মােচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 30, 2018

বৰপেটাত খিলঞ্জীয়া সুৰক্ষা বাহিনী আৰু আছুৰ উদ্যোগত ‘শত শ্বহীদৰ জয়’ শীর্ষক’ গীত উন্মােচন

বৰপেটা : খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযােগত বৰপেটা শহীদ ভৱনত আজি বিয়লি এটি গীতৰ উন্মােচন অনুষ্ঠান অনুষ্ঠিত হয়। জাতি ৰক্ষাৰ মহাৰণত জাতিক জাগ্রত কৰিবলৈ বৰপেটাৰ জীয়ৰী মৃমান্তিকা দাস আৰু গীতিকাৰ সুৰকাৰ মােজাম্মিল হক চৌধুৰীয়ে কণ্ঠদান কৰা শত শ্বহীদৰ জয়’ শীর্ষক গীতটি আনুষ্ঠানিকভাৱে উন্মােচন কৰে শ্বহীদ জগদীশ মজুমদাৰৰ পত্নী কাঞ্চন মজুমদাৰ আৰু শ্বহীদ ঠাকুৰ ওজাৰ ভতিজা উদ্ধৱ ওজাই।
অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্র, বিশিষ্ট সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্র, অৱসৰপ্ৰাপ্ত অধ্যক্ষ অর্জুন চন্দ্র দাস, খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ মুখ্য আহ্বায়ক গােবিন্দ গায়ন, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাস, বৰপেটা সাহিত্য সভাৰ প্রাক্তন সভাপতি দীনেশ দাস, লেখিকা সমাৰােহ সমিতিৰ জিলা সম্পাদিকা নঞ্জু দত্ত, কণ্ঠশিল্পী বিজয় ভূঞা উপস্থিত থাকি দেশ, জাতি-মাটি-ভেটি ৰক্ষাৰ এই সংগ্রামখনত সকলােকে সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমাংগ দেউৰী আৰু সম্পাদক অবিনাশ কুমাৰ উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED