গুৱাহাটী : ৰাজ্য চৰকাৰে ২০১৭-১৮ বৰ্ষৰ পৰা কাৰ্যকাৰী হােৱাকৈ অর্থনৈতিকভাৱে পিছপৰা পৰিয়ালসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত নামভৰ্তি মাছুল ৰেহাই দিয়াৰ এক আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিখন চলিত বিত্তীয় বৰ্ষতে অব্যাহত ৰখা হ’ব। ইয়াৰ অধীনত যিসকল ছাত্র-ছাত্রীৰ অভিভাৱকৰ বার্ষিক আয় ১ লাখ টকাতকৈ কম আৰু যিসকলৰ পিতৃ অথবা মাতৃয়ে কোনাে ধৰণৰ ৰাজ্যিক/কেন্দ্ৰীয় চৰকাৰ/অর্ধ চৰকাৰী/ৰাজ্যিক অথবা কেন্দ্রীয় চৰকাৰৰ অধীনস্থ সংস্থাত কৰ্মৰত নহয়, তেনে ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক তথা মহাবিদ্যালয়ৰ প্রথম বর্ষ/ষান্মাসিকত নামভৰ্তি মাছুল ৰেহাই পাব। স্নাতকোত্তৰ শ্ৰেণীৰ ক্ষেত্ৰত এই বছৰ প্রথম বর্ষ/ষান্মাসিকত নামভৰ্তি কৰাসকলৰ বাবেহে এই আঁচনিখন প্রযােজ্য হ’ব। আঁচনিখনে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অসমত থকা কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহক সামৰি নলয়।
Responsive Ads Here
Tuesday, May 29, 2018

উচ্চ শিক্ষাৰ ক্ষেত্ৰত নামভৰ্তিৰ মাচুল ৰেহাই শিক্ষা বিভাগৰ
Tags
# আঞ্চলিক
# শিক্ষা-শিক্ষানুষ্ঠান
Share This

About Sangbad Prahari
শিক্ষা-শিক্ষানুষ্ঠান
Labels:
আঞ্চলিক,
শিক্ষা-শিক্ষানুষ্ঠান
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment