ডিষ্ট্ৰীক্ট মিনাৰেলচ্ ফাউণ্ডেশ্বন ট্ৰাষ্ট : মন্ত্ৰী চুম ৰংহাংলৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 29, 2018

ডিষ্ট্ৰীক্ট মিনাৰেলচ্ ফাউণ্ডেশ্বন ট্ৰাষ্ট : মন্ত্ৰী চুম ৰংহাংলৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ

গুৱাহাটী : ডিষ্ট্ৰীক্ট মিনাৰেলচ্ ফাউণ্ডেশ্বন ট্ৰাষ্ট (ডি এম এফ টি) ৰ অধীনৰ পূঁজি অনতি পলমে ৰাজ্য চৰকাৰে সংগ্ৰহ কৰি খনন অভিযানৰ কু-প্ৰভাৱৰ ভুক্তভোগী জনসাধাৰণৰ বাবে কল্যাণমূলক আঁচনিত খৰচ কৰিবলৈ দাবী জনাইছে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই৷
ৰাজ্যৰ খনি আৰু খণিজ পদাৰ্থ মন্ত্ৰী চুম ৰংহাংলৈ প্ৰেৰণ কৰা এক পত্ৰত শইকীয়াই কয় যে, কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা মাইনচ্ এণ্ড মিনাৰেলচ্ (কন্ট্ৰিবিউশ্বন টু ডিষ্ট্ৰীক্ট মিনাৰেলচ ফাউণ্ডেশ্বন) ৰুলচ্, ২০১৫ ৰ অধীনত অসমৰ প্ৰতিখন জিলাতে ডি এম এফ টি স্থাপন কৰা হ’ল বুলি ২০১৬ চনতে অধ্যাদেশ জাৰি কৰা হৈছিল। কিন্তু এতিয়ালৈকে শিৱসাগৰ জিলাত ডি এম এফ টি পূঁজিৰ এপইছাও মোকলায় দিয়া হোৱা নাই অথবা সংশ্লিষ্ট হিতাধিকাৰীৰ মংগলৰ বাবে খৰচ কৰা হোৱা নাই। তেখেতে উল্লেখ কৰে যে, শিৱসাগৰ জিলাত তেল আৰু প্ৰাকৃতিক গেছৰ উপৰিও শিল-বালি ইত্যাদিৰ খনন হয়।
বিৰোধী দলপতি গৰাকীয়ে কয় যে, খনন কাৰ্য্য কৰিবলৈ চৰকাৰৰ পৰা অনুমতি লাভ কৰা সকলক নিৰ্দেশ দিয়া হৈছে যে ৰয়েলটিৰ দুইৰ পৰা ত্ৰিশ শতাংশ এক বিশেষ ক্ষতিপূৰণ কৰ হিচাপে খনন ক্ষেত্ৰৰ ওচৰ পাজৰৰ লোকৰ কল্যাণৰ বাবে ডি এম এফ টিত জমা দিব লাগিব। ইয়াৰ কাৰণ হ’ল খনন কাৰ্য্যই বায়ু আৰু জল প্ৰদুষিত কৰাৰ উপৰিও মূল্যবান প্ৰাকৃতিক সম্পদৰ ক্ষতিসাধন ঘটাই। নিয়মীয়াকৈ এই পূঁজি ৰাজ্য চৰকাৰে যদি সংগ্ৰহ কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ হিতৰ বাবে খৰচ নকৰে তেনেহলে ডি এম এফ টি স্থাপন কৰাটো মূল্যহীন হৈ পৰিব বুলি শইকীয়াই কয়।

No comments:

Post a Comment

SPONSORED