বিজেপি চৰকাৰৰ জনবিৰােধী-জাতীয় স্বার্থ বিৰােধী নীতি : বৰপেটাত চি পি আই (এম)ৰ প্রতিবাদী সমদল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 29, 2018

বিজেপি চৰকাৰৰ জনবিৰােধী-জাতীয় স্বার্থ বিৰােধী নীতি : বৰপেটাত চি পি আই (এম)ৰ প্রতিবাদী সমদল


বৰপেটা : কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰােধী নীতিৰ বিৰুদ্ধে আৰু পেট্রল ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধি প্রতিবাদত আজি বৰপেটাত প্রতিবাদী সমদল উলিয়ায় চি পি আই (এম) দলে। চি পি আই (এম) দলৰ নেতা কর্মী সকলে দিনৰ প্রায় এঘাৰ বজাত বৰপেটা পৌৰসভাৰ খেলপথাৰত সমবেত হৈ তাৰ পৰা প্রতিবাদী সমদল উলিয়ায়।
প্রতিবাদকাৰীসকলে সমদল উলিয়াই বৰপেটা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখ, বৰপেটা পাচ আলি চক, কয়াকুছি পথ আৰু হাউলী পথত এক প্রতিবাদী সভা অনুষ্ঠিত কৰে। প্রতিবাদী সভাত চিপিআই(এম)ৰ ৰাজ্যিক নেতা মনােৰঞ্জন তালুকদাৰে ভাষণ প্রসংগত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰােধী নীতিৰ বিৰুদ্ধে সােচ্ছাৰ হৈ পৰে। তালুকদাৰে কয় যে, প্রধান মন্ত্রী নৰেন্দ্ৰ মােডীয়ে কেন্দ্ৰত শাসনত অধিষ্ঠিত হােৱাৰ সময়ত প্রতি বেৰেলত খাৰুৱা তেলৰ মূল্য আছিল ১৫৬ ডলাৰ। সেই সময়ত ভাৰতত প্রতি লিটাৰ পেট্র’লৰ দাস ৬৩ টকা আছিল।
সম্প্রতি প্রতি বেৰেলত খাৰুৱা তেলৰ বজাৰ মূল্য ৭৬ ডলাৰ যদিও দেশৰ জনসাধাৰণে ৮২ টকা মূল্যত পেট্রল ক্ৰয় কৰিবলৈ বাধ্য হৈছে। ১০০ দিনত ৪০ শতাংশ প্টে’ল ডিজেলৰ মূল্য কমােৱাৰ প্রতিশ্রুতি প্রদান কৰা নৰেন্দ্ৰ মােডীয়ে ১৪০০ দিনত ক্ষমতাত থকাৰ পিছতাে পেট্রল ডিজেলৰ মূল্য কমােৱাৰ পৰিবৰ্তে পেট্রল ডিজেলৰ মূল্য বৃদ্ধিত সহযােগ কৰিছে। পেট্রল ডিজেলৰ মূল্য বৃদ্ধিত ৰােধ কৰাত প্রধান মন্ত্রী নৰেন্দ্ৰ মােডী সম্পূর্ণরূপে ব্যর্থ হােৱা বুলিও অভিযােগ কৰে চি পি আই (এম)ৰ নেতা গৰাকীয়ে।
প্রতিবাদী সভাখনত নেতা গৰাকীয়ে পুনৰ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে প্রতিবছৰে দুই কোটি লােকক কর্মসংস্থাপন দিয়াৰ প্রতিশ্রুতি প্রহসনত পৰিণত হৈছে। বিমুদ্ৰাকৰণৰ ভয়ংকৰ পদক্ষেপৰ ফলত বিগত সময়ত নব্বৈ লাখ লােকৰ কর্মসংস্থাপন ধ্বংস হােৱা বুলিও তেওঁ উল্লেখ কৰে। একেদৰে নাগৰিকত্ব সংশােধনী বিধেয়ক ২০১৬ প্রত্যাহাৰৰাে দাবী উত্থাপন কৰে চিপিআই(এম)ৰ নেতাগৰাকীয়ে। এই বিধেয়কখনে ভাৰতীয় গণৰাজ্যৰ ধৰ্মনিৰপেক্ষতা-গণতান্ত্রিক বুনিয়াদৰ মূলতে আঘাত কৰা বুলি উল্লেখ কৰি বিধেয়কখন সংবিধান বিৰােধী বুলিও কয় নেতাগৰাকীয়ে।
জাতিধ্বংসী বিধেয়কখন সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, এই বিধেয়কখনে ধৰ্মৰ ওপৰত ভিত্তি কৰি অবৈধ অনুপ্রৱেশকাৰীক নাগৰিকত্ব দিয়াৰ পথ মুকলি কৰিছে। প্রতিবাদী সভা কেইখনত চি পি আই (এম)ৰ নেতা মােন্নাফ শিকদাৰেও ভাষণ প্রদান কৰে। প্রতিবাদী সমদলত ৰাজ্যিক সদস্য ফজলুৰ ৰহমান, বৰপেটা জিলাৰ সম্পাদক কমলা বর্মণৰ লগতে শতাধিক চিপিআই(এম) কর্মী উপস্থিত থাকে।

পেট্রল-ডিজেলৰ মূল্যবৃদ্ধি হ্রাস কৰাৰ দাবী সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ‘অচ্ছে দিন’ৰ সপােন দেখুৱাই দিল্লীৰ মছদ দখল কৰা কেন্দ্রীয় চৰকাৰৰ কাৰ্যকালত পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শােধাইছে। ধাৰাবাহিকভাৱে পেট্রল-ডিজেলৰ মূল্যবৃদ্ধি হৈ থকাৰ পিচতাে বিজেপি চৰকাৰখনে এইক্ষেত্ৰত কোনাে ব্যৱস্থা গ্রহণ নকৰাত আন দল-সংগঠনসমূহৰ লগতে ক্ষুব্ধ হৈ পৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ। পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক আজিজুল ৰহমানে আজি এক প্ৰেছ বিজ্ঞপ্তি যােগে কয় যে, পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে এচাম দুষ্ট চক্রই সুযােগ বুজি অত্যাবশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধি ঘটাইছে।
আনহাতে, মুছলমানসকলৰ ৰমজান মাহৰ সুযােগ লৈ এনে মূল্যবৃদ্ধি ঘটাৰ ফলত সর্বসাধাৰণ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবেই পেট্রল-ডিজেলৰ মূল্যবৃদ্ধি হােৱা বুলি চৰকাৰে কৈ আহিছে যদিও পৰিষদে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক পেট্রল-ডিজেলৰ ওপৰত থকা কৰৰ পৰিমান হ্রাস কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিবলৈও দাবী উত্থাপন কৰে।
আনহাতে, পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিৰ অজুহাত লৈ এচাম দুষ্ট চক্রই বজাৰত অত্যাবশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি ঘটাইছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰক দাবী জনায়। অন্যথা পৰিষদে ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিব বুলিও চৰকাৰক সকিয়াই দিয়ে আজিজুল ৰহমানে।

No comments:

Post a Comment

SPONSORED