ভৱিষ্যতে ভাল শিক্ষক হোৱাৰ সপোন হাচিনাৰ
চিৰাং ব্যুৰ’ : সদ্যঘোষিত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলত হাচিনা খাতুনৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিছে চিৰাং জিলাৰ হাতিপোতা অঞ্চলৰ ৰাইজ। হাচিনাৰ পিতৃ এগৰাকী সাধাৰণ মিস্ত্ৰী৷ তেওঁ লগতে এজন ভাল চালকো। তেওঁ যোৱা এমাহ আগতে গাড়ী চলাবলৈ ভূটানৰ গেলেফু গৈছে ঈদৰ আগে আগেহে ঘৰলৈ আহিব পাৰিব৷কাৰণ ঈদৰ বজাৰ কৰিব লাগিব যদিও দৰিদ্ৰ পৰিয়াল। নিজৰ জীয়েকৰ ভাল ফলাফল হোৱাৰ পিচতো ঘৰলৈ আহিব পৰা নাই।
হাতীপোতা আঞ্চলিক হাইস্কুলৰ পৰা তিনিটা বিষয় ক্ৰমে মাতৃভাষা অসমীয়া (৯০), সমাজ বিজ্ঞান (৮৩) আৰু হিন্দী (৮১) লেটাৰ নম্বৰসহ সৰ্ব্বমুঠ ৪৮৩ নম্বৰ লাভ কৰি ৮০.৫ শতাংশ নম্বৰেৰে অঞ্চলটোত উজলিছে। দৰিদ্ৰ পিতৃ-মাতৃয়ে পঢ়া-শুনাৰ খৰচ বহন কৰিব নোৱাৰিব বুলি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমএছু) ৰ সভাপতি শ্বাহকামাল খন্দকাৰ, সাংগঠনিক সম্পাদক শাহানুৰ ৰহমান, চিৰাং জিলা সভাপতি আবু জুৱায়েৰ মণ্ডলসহ সজাতি দল এটাই হাচিনাৰ ঘৰত গৈ সম্বৰ্ধনা জনোৱাৰ লগতে উচ্চতৰ মধ্যমিকৰ পঢ়া-শুনাৰ সম্পুৰ্ণ দ্বায়িত্ব গ্ৰহণ কৰে। মুঠতে পৰিয়ালৰ পৰা হাচিনাৰ পঢ়া-শুনাৰ বিষয়টো লৈ চিন্তিত আছিল যদিও ছাত্ৰ সংগঠনটিয়ে সেই চিন্তা দূৰ কৰে। হাচিনাই কলা শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন ভাল শিক্ষক হোৱাৰ মন মেলিছে।
No comments:
Post a Comment