ক্ষুদ্ধ জনতাই স্বামীগৃহৰ চোতালত চিতা সাজি জ্বলালে দূৰ্ভগীয়া জোনমণিৰ মৃতদেহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 29, 2018

ক্ষুদ্ধ জনতাই স্বামীগৃহৰ চোতালত চিতা সাজি জ্বলালে দূৰ্ভগীয়া জোনমণিৰ মৃতদেহ

শােণিতপুৰ: শােণিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ হাটিঙা ৰত্নপুৰ গাঁৱৰ জোনমণি দেৱী (৩৫) নামৰ বােৱাৰীগৰাকীৰ কালি সন্ধিয়া ৰহস্যজনকভাৱে মৃত্যু হােৱাক কেন্দ্ৰ কৰি গাঁওখনত আজিও তীব্র উত্তেজনা অব্যাহত আছে।
সোমবাৰে বিয়লি দুৰ্ভগীয়া বােৱাৰী জোনমণি দেৱীৰ মৃতদেহ আহি ঘৰ পােৱা মাত্রকে হাটিঙা ৰত্নপুৰ গাঁৱৰ যুৱক-যুৱতী, পুৰুষ-মহিলাসকল উপস্থিত হৈ হত্যাকাৰীৰ পৰিয়ালৰ বিৰুদ্ধে তীব্র প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰে। জামুগুৰি আৰক্ষীয়ে হত্যাকাৰীক সুৰক্ষা প্রদান কৰা বুলি গুৰুতৰ অভিযােগ উত্থাপন কৰে ৰাইজে। উল্লেখযােগ্য যে দেওবাৰে হাটিঙা ৰত্নপুৰ গাঁৱৰ হিৰণ্য নাথ (৪২) নামৰ ব্যক্তিগৰাকীয়ে পত্নী জোনমণি দেৱী (৩৫)ক শাৰীৰিক-মানসিক নির্যাতন চলাই সন্ধিয়া শীতল মস্তিষ্কৰে হত্যা কৰি ডিঙিত ৰছী লগাই ঘৰৰ ভিতৰতে ওলমাই থােৱা বুলি স্থানীয় ৰাইজে অভিযােগ কৰিছিল। 
ৰাইজৰ মতে হিৰণ্য নাথে জোনমণিক হত্যা কৰি আত্মহননৰ ৰূপ দিয়াৰ প্রয়াসেৰে মৃতদেহ ওলমাই থৈ পলায়ন কৰিছিল। ৰাইজৰ হেঁচাত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়াস কৰা আৰক্ষীয়ে হিৰণ্য নাথক থানালৈ মাতি অনাৰ লগতে তেওঁৰ পিতৃ তথা হত্যাকাণ্ডৰ বলি হােৱা জোনমণি দেৱীৰ শহুৰ গােলাপ নাথ আৰু শাহু সত্যা দেৱীকো থানালৈ মাতি নি তিনিওৰে বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত হত্যাৰ এক গােচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয়। তিনিওকে গ্রেপ্তাৰ কৰি তেজপুৰ জে’ল-হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। ক্ষোভত ফাটি পৰা ৰাইজে বােৱাৰীগৰাকীৰ মৃতদেহ স্বামীগৃহৰ চোতালত দাহ কৰাৰ লগতে হত্যাকাৰী স্বামীৰ মটৰ চাইকেল, চাইকেল, ঠেলা আদিকে ধৰি বিভিন্ন সামগ্রী দপদপকৈ জ্বলি উঠা চিতাৰ জুইত জাপি দি জ্বলাই দিয়ে। এনে পৰিস্থিতিৰ মাজতে তাত গৈ উপস্থিত হােৱা জামুগুৰি আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলৰ সৈতেও উত্তেজিত ৰাইজ খণ্ড যুদ্ধত লিপ্ত হয়। 
ৰাইজে ‘জামুগুৰি আৰক্ষী গ’ বেক, দুই লাখ আশী হেজাৰ টকাত মেনেজ হ’ল আৰক্ষী, হত্যাকাৰীক সুৰক্ষা দিয়া নচলিব’ আদি শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰে। উপায়হীন হৈ জামুগুৰি থানাৰ আৰক্ষীৰ বৃহৎ দলটোৱে সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয়। হত্যকাণ্ডৰ বলি হােৱা দুৰ্ভগীয়া বােৱাৰী জোনমণি দেৱীৰ আদ্যশ্রাদ্ধ হাটিঙা ৰত্নপুৰ গাঁওবাসী ৰাইজে সমূহীয়াভাৱে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। হত্যাকাৰী হিৰণ্য নাথৰ লগতে পিতৃ-মাতৃসহ সমগ্ৰ পৰিয়ালটোক সেই গাঁৱৰ পৰাই নির্বাসন দিয়াৰ সিদ্ধান্ত লৈছে ক্ষুব্ধ ৰাইজে। হত্যাকাণ্ডৰ বলি হােৱা মহিলাগৰাকীৰ স্বামীৰ গৃহটো জোনমণি দেৱীৰ নামকৰণেৰে ৰাজহুৱাভাৱে সংৰক্ষণৰ ব্যৱস্থা লােৱাৰ কথা ঘােষণা কৰিছে ৰাইজে।

No comments:

Post a Comment

SPONSORED