ক্ষমতাক লৈ সর্বানন্দ আৰু হিমন্তৰ দুৰ্বাদল কাজিয়া : তৰুণ গগৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 29, 2018

ক্ষমতাক লৈ সর্বানন্দ আৰু হিমন্তৰ দুৰ্বাদল কাজিয়া : তৰুণ গগৈ


গুৱাহাটী : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰত এতিয়া গৃহকন্দল চলিছে। চৰকাৰৰ দুই মহাৰথী মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ক্ষমতাক লৈ এই গৃহকন্দল চলিছে আৰু ইয়াৰ ফলত ৰাজ্যৰ উন্নয়ন প্রক্রিয়া স্তব্ধ হােৱাই নহয়, সর্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ পৰিছে। চৰকাৰৰ ৰথ চলাবলৈ সৰ্বানন্দকো লাগে, হিমন্তকো লাগে। সেইবাবে দুয়ােজনৰ মাজত গৃহকন্দল। ইয়াৰ ফলত সর্বস্বান্ত হৈছে ৰাইজ। সােণােৱালৰ বিৰুদ্ধে হিমন্তবিশ্বই ষড়যন্ত্রই আৰম্ভ কৰিছে। এই অভিমত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। মুখ্যমন্ত্রী সােণােৱালৰ ঘনিষ্ঠ লাহােৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱাই বিজেপিৰ ভিতৰৰ পৰাই মুখ্যমন্ত্রী সােণােৱালৰ বিৰুদ্ধে ধনেজনে ষড়যন্ত্র চলা বুলি উত্থাপন কৰা অভিযােগৰ ভিত্তিত বিজেপিৰ ভিতৰৰ পৰা সােণােৱালৰ বিৰুদ্ধে কোনে ষড়যন্ত্র কৰিব পাৰে বুলি সাংবাদিকে সােধা প্রশ্নৰ উত্তৰত প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে কয়,‘কোনে ষড়যন্ত্র কৰিব আৰু? হিমন্তই, হিমন্তই। ফাইনেন্স কোনে কৰিছে মই নাজানাে। পইচা সকলােৰে লগত থাকে। কইনাধৰাত অনুষ্ঠিত এখন সংবাদমেলত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সর্বানন্দ আৰু হিমন্ত দুয়ােজনকে আক্রমণৰ লক্ষ্য কৰি লৈ কয়— ‘ক্ষমতা বিচাৰিয়েই সর্বানন্দই অসম গণ পৰিষদ আৰু হিমন্তই কংগ্ৰেছ এৰি বিজেপিলৈ গৈছিল। বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিচত এতিয়া মুখ্যমন্ত্ৰীৰ চকীক লৈ দুয়ােজনৰ মাজত কন্দল। শীতল যুদ্ধ চলিছে। শীতল যুদ্ধ বেয়া। দেখাদেখি যুদ্ধহে ভাল। সর্বানন্দ-হিমন্ত ক্ষমতালােভী নােহােৱা হলে দল এৰি নগ'লহেঁতেন। হিমন্তৰ ধৈর্য নাই, সােনকালে ক্ষমতা লাগে। লেঙৰা আম লাগে হিমন্তক। কংগ্ৰেছত থাকিলে লেঙৰা আম ইমান সােনকালে নাপালেহেঁতেন। চি এল পি লীডাৰ, সভাপতি এইবােৰ পালেহেঁতেন, মুখ্যমন্ত্ৰীৰ চকী সােনকালে নাপায় কংগ্ৰেছত। ভৱিষ্যতে হয়তাে পালেহেঁতেন। সােনকালে লেঙৰা আম বিচাৰি বিজেপিলৈ গ'ল হিমন্ত। সর্বানন্দ-হিমন্তৰ কাজিয়াত এতিয়া সর্বস্বান্ত হৈছে সাধাৰণ নাগৰিক। বাট-পথৰ অৱস্থা বেয়া। আইন শৃংখলাৰ অৱস্থা নাই। ফুটবল খেলুৱৈ ৰেৱতী ফুকন নিৰুদ্দেশ নে মৰিলে চৰকাৰৰ খবৰ নাই। মােৰ সন্দেহ হৈছে— ইমান দিন নিৰুদ্দেশ হৈ থাকিবনে ? চৰকাৰে কি চোৰাংচোৱা বিভাগ চলাইছে নাজানাে। শুংসূত্রই নাই ফুটবলাৰজনৰ। সােণােৱাল চৰকাৰৰ প্ৰথমটো বর্ষপূর্তি ঢাক-ঢােল পিতি পাতিছিল। প্রধানমন্ত্রীও আহিছিল। এইবাৰ বর্ষপূর্তি অনুষ্ঠান পাতিবলৈ সাহস নকৰিলে। কাম কৰিলেহে বর্ষপূর্তি পাতিব। মােডী চৰকাৰে চাৰি বছৰীয়া পাতিব নােৱাৰিলে, সােণােৱাল চৰকাৰে দুবছৰীয়া বর্ষপূর্তি পাতিব নােৱাৰিলে। পঞ্চায়ত নির্বাচন পাতিবলৈ সাহস নাই ব্যর্থ বিজেপি চৰকাৰৰ। পেট্রল ডিজেলৰ মূল্য আকাশলংঘী হৈছে। দাইলকে ধৰি খাদ্যবস্তুৰ মুল্য নিয়ন্ত্ৰণৰ বাহিৰত। বিজেপিয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্রাথমিক প্রতিশ্রুতি দিছিল নির্বাচনত। ক’ত গ'ল সেই প্রতিশ্রুতি? এতিয়া মোড়ী চৰকাৰে চাৰি বছৰৰ যি ৰিপ'ৰ্ট কার্ড দিছে, সেয়া ভুৱা। জালিয়াতি কৰিছে ৰিপৰ্ট কাৰ্ডত। গাডকাৰীয়ে কৈছে। যে ব্ৰহ্মপুত্ৰত খনন চলিছে। বৰাকত হেনাে খনন শেষেই। এয়া গােকাট ফাকি। আচলতে ৪২০ কেছত গ্রেপ্তাৰ হ'ব লাগে তেওঁলােক। নির্বাচনত বিদেশীক খেদিম বুলি প্রতিশ্রুতি দি এতিয়া বিদেশীক আদৰিছে। প্রধানমন্ত্রীয়ে কেইদিনমান পূর্বেও বাংলাদেশৰ প্রধানমন্ত্রীক লগ পালে। যদি সঁচাকৈয়ে বাংলাদেশ হিন্দুৰ ওপৰত নির্যাতন হৈছে, তেন্তে সেই নির্যাতন বন্ধ কৰিবলৈ প্রধানমন্ত্রী মােডীয়ে বাংলাদেশ প্রধানমন্ত্রীক কিয় নকলে? অসমত চিনাক্ত হােৱা বিদেশীক বাংলাদেশ চৰকাৰে যে গ্রহণ নকৰে, তাৰ বাবে চুক্তি কৰিবলৈ মােডীয়ে হাছিনাক নক'লে কিয় ? নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে সমগ্র অসমত সকলােৱে প্রতিবাদ কৰিছে। ৰাজ্য চৰকাৰে কিয় অসমৰ ৰাইজৰ। প্রতিবাদৰ কথা কেন্দ্ৰক আনুষ্ঠানিকভাৱে নকয়। আছু, অগপৰ পৰা গৈ সর্বানন্দ সােণােৱাল মুখ্যমন্ত্রী হ’ল আৰু এতিয়া অসম চুক্তিক বিশ্বাসঘাতকতা কৰিছে। সন্তান ডাঙৰ-দীঘল কৰাৰ পিচত ঘৰ এৰি গ'লে মাক-দেউতাকে দুখ পায়। হিমন্তই কংগ্ৰেছ, সর্বানন্দই অগপ এৰি যাওঁতে দুখ থাকিবই। কিন্তু হিমন্তই মােক গালি পাৰি শেষ কৰিলে। এতিয়া আৰু গালি নাই। হিমন্তই মােক মাৰিবলৈহে বাকী আছে। মােৰ ভাগ্যতে আছে গালি খােৱা, খাবই লাগিব। আনহাতে প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কর্ণাটকৰ আৰ্হিৰে অসমতাে বিজেপিক বাদ দি অগপ, বি পি এফে কংগ্ৰেছ, এ আই ইউ ডি এফক লৈ বিকল্প চৰকাৰ কৰিব লাগে বুলি আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে গগৈয়ে। এই সন্দৰ্ভত প্রাক্তন মুখ্যমন্ত্রীজনে কয়— ‘যদি অগপ আৰু বি পি এফে বিজেপিৰ সংগ এৰি চৰকাৰৰ পৰা ওলাই আহে, তেন্তে কংগ্ৰেছে এক নতুন মিত্রজোট গঠন কৰাৰ বাবে অগপ-বি পি এফেৰে কথা পাতিব পাৰে। কিন্তু প্রথমে অগপ, বি পি এফে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব। তেতিয়াহে বিকল্পৰ কথা কংগ্ৰেছে পাতিব পাৰে।

No comments:

Post a Comment

SPONSORED