তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰখচুয়া গাঁৱত বুধবাৰে আবেলি পুখুৰীত পৰি দুই ভাই-ভনীৰ মৃত্যু হয়। জানিব পৰা মতে, গাওঁ খনৰ দুই ভাই ককাই ক্ৰমে বিনোদ ৰায় আৰু ক্ষিৰোদ ৰায়ৰ দুই শিশু ক্ৰমে ডালিমী ৰায়(৪) আৰু ঝন্টু ৰায়(৫) ঘৰৰ ওচৰতে থকা পুখুৰী এটাত পৰাৰ ফলত মৃত্যুক সাৱটি লয়৷ খেলি থকা দুই ভাই-ভনীক আবেলি দুই বজাৰ পৰা অভিভাৱকে বিচাৰি নাপাই বহুত বিচাৰ- খোচাৰ কৰি অৱশেষত ঘৰৰ আগফালে থকা পুখুৰী এটাৰ পৰা দুয়োকে উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পাছত অভিভাৱকে তামাৰহাট প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে দুয়োৰে মৃত্যু হোৱা বুলি ঘোষণা কৰে। দুটাকৈ শিশুৰ এনে অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।
Responsive Ads Here
Wednesday, May 23, 2018

পানীত পৰি দুই শিশু ভাই-ভনীৰ কৰুণ মৃত্যু
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment