আৰক্ষী নিমাত নিশ্চুপ : ঘৰত সোমাই পতি-পত্নীক আক্ৰমণ কৰা চাৰিজনীয়া দুৰ্বৃত্তৰ দলৰ ওপৰত নহ’ল তদন্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 23, 2018

আৰক্ষী নিমাত নিশ্চুপ : ঘৰত সোমাই পতি-পত্নীক আক্ৰমণ কৰা চাৰিজনীয়া দুৰ্বৃত্তৰ দলৰ ওপৰত নহ’ল তদন্ত


তামাৰহাট : পূৰ্ব কাজিয়াৰ সুত্ৰপাতক কেন্দ্ৰ কৰি দেওবাৰে সন্ধিয়া চাৰিজনীয়া দুৰ্বৃত্তৰ দলে হঠাতে ঘৰত সোমাই পতি-পত্নীক আক্ৰমণ কৰি পলাই যোৱাত পাগলাহাট আৰক্ষী চকীত এজাহাৰ দিয়াৰ তিনিদিন পাছতো আৰক্ষীৰ নহ’ল কোনো তদন্ত প্ৰক্ৰিয়া। ঘটনাৰ বিৱৰণী মতে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বৰুণডাঙ্গা গাঁৱৰ বাসিন্দা ছামছুল হকৰ ঘৰত দেওবাৰে সন্ধিয়া অকস্মাৎ পূৰ্ব পৰিকল্পিত ভাৱে জাকিৰ হুইছেনৰ নেতৃত্বত চাৰিজনীয়া দুৰ্বৃত্তৰ দল এটাই ছামছুল হকৰ ঘৰত সোমাই তেওঁক আক্ৰমণ কৰে । আকস্মিক ভাৱে হোৱা এনে ঘটনাত থতমত খাই পত্নী মফিজা বিবি আগুৱাই গৈ গিৰীয়েকক বচাবলৈ চেষ্টা কৰাত তেওঁকো দুৰ্বৃত্তই খৰিৰে আক্ৰমণ কৰে। ফলত মফিজাই মূৰত গুৰুতৰ ভাবে আঘাত পাই অসুস্থ হৈ পৰে।
ইফালে ঘৰখনত হৈ থকা চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া অহাত দুৰ্বৃত্তৰ দলটো পলাই যায়। পত্নীৰ গুৰুতৰ অৱস্থা দেখি ছামছুলে লগে লগে পাগলাহাট আৰক্ষী নিৰীক্ষণ চকীত জাকিৰ হুইছেনৰ লগতে চাৰিজন অপৰাধীৰ নামত এক এজাহাৰ দাখিল কৰে।
আনহাতে অসুস্থ মফিজাক গোলকগঞ্জ ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় যদিও দুৰ্বৃত্তৰ আক্ৰমণত অতিকৈ আঘাতপ্ৰাপ্ত হোৱা বাবে চিকিৎসকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ তেওঁক প্ৰেৰণ কৰে। মূৰত যথেষ্ট আঘাত পাই মূৰ ফালি যোৱাত কেবাটাও চিলাই দিব লগা হৈছে মফিজাক । চিকিৎসাধীন অৱস্থাত মফিজা এতিয়াও ধুবুৰী অসামৰিক চিকিৎসালয়তে আছে যদিও পাগলাহাট আৰক্ষীয়ে দুৰ্বৃত্তক ধৰা দূৰৰ কথা আজি তিনিদিন পাৰ হ’ল যদিও এতিয়াও সঠিকভাৱে তদন্ত কৰা পৰিলক্ষিত নহ’ল। আৰক্ষীৰ এনে গুৰুত্বহীনতাত ৰাইজৰ সন্দেহ ঘনীভূত হৈছে। উল্লেখ্য যে দোষী জাকিৰ হুছেইন আৰু তেওঁৰ সহযোগীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ ওপৰত দাবী জনাইছে স্থানীয় ৰাইজে।

No comments:

Post a Comment

SPONSORED