নামৰূপ : আজি দিনৰ দহ বজাৰ পৰা জয়পুৰ তিনিআলিত "সদৌ তাই আহোম ছাত্ৰ সন্থা" জয়পুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নামৰুপ আঞ্চলিক সমিতিৰ সহযোগত এক ধৰ্মঘট কাৰ্যসূচী হাতত লয়।উল্লেখ্য যে কেন্দ্ৰীয় বি,জে,পি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত আজি ৰাজ্য চাৰিও দিশে প্ৰতিবাদৰ জুই জ্বলি উঠিছে।ৰাজ্যবাসীক লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনৰ আগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অসমলৈ আহি ঘোষণা কৰিছিল এই বাৰ যদি অসমত বি,জে,পি চৰকাৰ আহে ,আমি আপোনালোকৰ সকলো সমস্যাৰ দূৰ কৰিম, সকলোৱে সৰ্বানন্দ সোণোৱালক ভোট দিয়ক।
শাসনভাৰ লাভ কৰি বলিয়ান হৈ পৰা মোডী ডাঙৰীয়াই পাহৰি গ’ল অসম বাসীক দি যোৱা প্ৰতিশ্ৰুতিৰ কথা আৰু এতিয়া এইজন দুমুখীয়া প্ৰধান মন্ত্ৰীয়ে অসমক বিদেশীৰ হাতত গটাব বিচাৰিছে?
এই লৈ আজিৰ আটাছু জয়পুৰ আৰু নামৰূপ আঞ্চলিক সমিতিয়ে এই কাৰ্যসূচী হাতত লয়। আটাছুৰ দাবী- যিকোনো বিনিময়ত এই বিধেয়কখন বাতিল হ’ব লাগিব,অন্যথা অসমৰ ৰাইজে পূৰ্ণ জঙ্গী আন্দোলন ল’বলৈ বাধ্য হব। এইয়া আমাৰ স্পষ্ট কথা।
আজিৰ এই কাৰ্যসূচীত ভাগ লয় আটাছু নামৰূপ আঞ্চলিক সমিতিৰ সম্পাদক মৃণাল সন্দিকৈ,ৰাজীৱ গগৈ সা:সম্পাদক, সুমন গগৈ, জয়পুৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক আৰু জিতেন গগৈ উপদেষ্টা আদিয়ে৷
No comments:
Post a Comment