কুমাৰীকাটা,তামুলপুৰৰ ৰাজপথত আছুয়ে জ্বলালে পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 23, 2018

কুমাৰীকাটা,তামুলপুৰৰ ৰাজপথত আছুয়ে জ্বলালে পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি


তামুলপুৰ : বাক্সা জিলাৰ কুমাৰীকাটাত আছুয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিগত সময়চোৱাত সঘনাই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ মূৰে কপালে হাত দিব লগা হোৱাত কুমাৰীকাটা আঞ্চলিক আছুৰ উদ্যোগত ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাত ৰাজপথৰ ওপৰত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰখনে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস হোৱাৰ পিছতো কিয় মোদী চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে যোৱা দেওবাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ২০১৩ চনৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। আজি সংগঠনটোৱে দাবী জনাই যে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে অভাৱনীয় মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে তেতিয়ালৈকে আছুৱে ধাৰাবাহিক ভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই যাব বুলি কয় বাক্সা জিলাৰ শিক্ষা সম্পাদক ডুলুজিত দাসে।
আনহাতে আজি পেট্ৰলিয়ামজাত সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰে তামূলপুৰ আঞ্চলিক ছাত্র সন্থা, দক্ষিণ দেফেলি আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ বাকসা জিলা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সোণেশ্বৰ কলিতা , সভাপতি গোবিন্দ শৰণীয়া , শিক্ষা সম্পাদক ডুলুজিত দাস , সদৌ তামূলপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি অজয় বড়ো , সাধাৰণ সম্পাদক কুমুদ ডেকা,কুমাৰীকাটা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাণকৃষ্ণ দাস আদিকে ধৰি শতাধিক ছাত্রকৰ্মী। প্ৰতিবাদস্থলীত পেট্ৰ'লিয়াম মন্ত্ৰী হুচিয়াৰ,নৰেন্দ্ৰ মোডী হুচিয়াৰ,ভাৰত চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে তামুলপুৰ, দক্ষিণ দেফলি আৰু কুমাৰীকাটা৷

No comments:

Post a Comment

SPONSORED