এন এছ ইউ আইৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, May 23, 2018

এন এছ ইউ আইৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ



মাণিকপুৰ : বঙাইগাঁও জিলা কোকিলাৰ নাম্বাৰপাৰাত এন এছ ইউ আইৰ উদ্যোগত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰা হয়।
প্ৰাপ্ত অভিযোগ মতে, প্ৰতিখন গাঁৱত বিদ্যুৎ যোগান ধৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে টুইটাৰ যোগে ঘোষণা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে । জানিব পৰা মতে জিলা খনৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা ১ম খণ্ড, নাম্বাৰপাৰা ২য় খণ্ড, গোলাপাৰা ৩য় আৰু ৪ৰ্থ খণ্ড আৰু চাকলা ১ ম খণ্ড আৰু শৌলমাৰী গাঁৱত বিদ্যুৎ সংযোগ নথকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মিছলীয়া আখ্যা দিয়াৰ লগতে প্ৰকৃত অৰ্থত বিদ্যুৎ সংযোগ দিবলৈ আহ্বান জনায়, এন এছ ইউ আইৰ নেতা ছফিকুল ইছলাম, যুৱ কংগ্ৰেছ নেতা মাফিজুৰ ৰহমান খানে। নাম্বাৰপাৰাত প্ৰধানমন্ত্ৰীৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত সকলো গাঁৱত বিদ্যুৎ সংযোগ দিয়ক, টুইটাৰত মিছা মন্তব্য দিয়া নচলিব আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কম দিনৰ ভিতৰতে উল্লেখিত গাওঁ সমুহত বিদ্যুৎ সংযোগ দিবলৈ দাবী উত্থাপন কৰিছে।

No comments:

Post a Comment

SPONSORED