তিতাবৰ : এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতাৰে ৰাজপথত নামিল তিতাবৰৰ একাংশ মহিলা । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে তিতাবৰৰ ৰাজপথলৈ ওলাই আহিল এই সকল সচেতন মহিলা । তিতাবৰৰ উন্মিলীতা নাৰী সংঘ আৰু লেখিকা সমাৰোহৰ উদ্যোগত তিতাবৰ তিনিআলিস্থিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা তিতাবৰৰ নগৰৰ মাজেদি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে। মহিলা সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে হাতে হাতে ক'লা পতাকা লৈ নাগৰিকত্ব সংশোধনি আইনৰ তীব্ৰ বিৰোধীতা কৰে । লগতে মুখ্য মন্ত্ৰীৰ মৌনব্ৰত ভাগিবলৈ আহ্বান জনাইছে মহিলা সকলে । লগতে নাৰী নিৰ্যাতনৰ প্ৰতিবাদ কৰে।আজি এই কায্যসূচীত বহু কেইগৰাকী অৱসৰ প্ৰাপ্ত অধ্যক্ষই অংশগ্ৰহণ কৰে।
Responsive Ads Here
Wednesday, May 23, 2018

নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত তিতাবৰৰ ৰাজপথত উলাই আহিল অৰ্ধ শতাধিক মহিলা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment