নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ কাৰ্যসূচীত ভাগ ল’বলৈ গৈ পথ দুৰ্ঘটনাত পতিত ৩০ জনৰো অধিক ছাত্র - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 24, 2018

নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ কাৰ্যসূচীত ভাগ ল’বলৈ গৈ পথ দুৰ্ঘটনাত পতিত ৩০ জনৰো অধিক ছাত্র


তামুলপুৰ : বাগসা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত তামুলপুৰ নাগ্ৰীজুলি পথৰ জামগুৰি চ’কত আজি পুৱা সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩০ জনৰো অধিক ছাত্র আহত হয় । আহতসকলৰ কুৰিজনৰো অধিক ছাত্ৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰে কেইবাজনৰো আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইন বাতিলৰ দাবীত আজি তামুলপুৰ আঞ্চলিক ছাত্র সন্থাই তামুলপুৰত আয়োজন কৰিছিল এক গণ বিক্ষোভ কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এএছ ০১ডিচি ৬১৪২ নম্বৰৰ দি আই ভেন গাড়ী এখনেৰে নাগ্ৰীজুলি খাটাৰবাৰী হাইস্কুলৰ ত্ৰিশজনৰো অধিক ছাত্র কঢ়িয়াই আনিছিল। 

গাড়ীখন তামুলপুৰ নাগ্ৰীজুলি পথৰ জামগুৰি নামৰ চকটো পোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পথত লুটি বাগৰ খায়। ফলত আহত হয় আটাইকেইজন ছাত্ৰ। ততাতৈয়াকৈ আহত সকলক ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ লগতে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । আহত সকলৰ কুৰি জনৰো অধিক ছাত্ৰক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইয়াৰে কেইবাজনৰো অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

SPONSORED