ৱেব ডেস্ক : পদশিল্পৰ নান্দনিক যুঁজৰ উন্মাদনালৈ মাজত আৰু কেইটামান দিন বাকী।১৪ জুনত আৰম্ভ হ'বলগীয়া ফিফা-২০১৮ৰ প্ৰস্তুতি ৰাছিয়াই পূর্ণ শক্তিৰে চলাই থকাৰ সময়তে জনপ্রিয় ফুটবল তাৰকাৰ | শিৰচ্ছেদ কৰাৰ ভাবুকি দিছে বিশ্বাস জেহাদী সংগঠন আইছিছে। বিশ্বকাপ প্রতিযােগিতাৰ সুৰক্ষা আৰু নিৰাপত্তালৈ ভাবুকি সৃষ্টি কৰি থকা আইছিছে শেহতীয়াকৈ আর্জেন্টিনাৰ ফুটবল তাৰকা মেছি আৰু পর্তুগালৰ ৰ'নাল্ডােৰ শিৰচ্ছেদ কৰাৰ ভাবুকি দি ফুটবলপ্রেমীক শংকিত কৰাই নহয়, বিশ্বব্যাপী চাঞ্চল্য সৃষ্টি কৰিছে। দুটা জেহাদীয়ে জনাকীর্ণ ফুটবল ষ্টেডিয়াম মাজত মেছি আৰু ৰনাল্ডােৰ শিৰচ্ছেদ কৰি থকাৰ আলােকচিত্র প্রচাৰ কৰিছে আইছিছে। নৃশংস হত্যালীলাৰে বিশ্ববাসীক আতংকিত কৰি আইছিছে ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপত ভয়াৱহ আক্রমণ চলাব বুলি ভাবুকি দিয়েই ক্ষান্ত নাথাকি শেহতীয়াকৈ ফুটবল তাৰকা মেছি আৰু ৰনাল্ডােৰ শিৰচ্ছেদ কৰাৰ হুংকাৰ দিছে। ফুটবল ষ্টেডিয়ামত মুখাপিন্ধা জেহাদীৰ দ্বাৰা ৰ'নাল্ডাে আৰু মেছিক আক্ৰমণৰ লক্ষ্য কৰি লােৱা আলােকচিত্ৰত আপােনালােকৰ তেজেৰে ৰক্তাক্ত কৰিম ভূমি’ লিখি প্ৰচাৰ চলাইছে জেহাদীয়ে। চাইবাৰ চোৰাংচোৱা সূত্ৰই লাভ কৰা তথ্য অনুসৰি মেছি আৰু ৰ’নাল্ডােক শিৰচ্ছেদৰ ভাবুকি দিয়া ৰক্তাক্ত আলােকচিত্ৰখন যােৱা বুধবাৰে আইছিছ সমর্থিত গােট এটাই টেলিগ্রামযােগে প্ৰচাৰ কৰিছে। উল্লেখ্য যে চলিত মাহৰ প্ৰাৰম্ভতে আইছিছে শুভাকাংক্ষী আৰু সমর্থকসকলক ফুটবল প্রতিযােগিতাখনত আক্রমণ চলাবলৈ নির্দেশ দিছিল। বিশ্বকাপৰ প্ৰতীকচিহ্নত ছৰীৰে ক্ষত-বিক্ষত কৰি অনলাইনযােগে ফৰাচী ভাষাত সকলােকে হত্যা কৰা লিখি আইছিছে প্ৰচাৰ চলাই আছে। তেনেদৰে জেহাদী সংগঠনটোৱে ৰাছিয়াৰ ৰাষ্ট্রপতি ভাডিমিৰ পুটিনক মুছলিম হত্যাৰ কাৰণে মূল্য দিব লাগিব বুলি সকীয়নি দি ফুটবল ষ্টেডিয়ামৰ মাজত এ কে-৪৭সহ জেহাদীৰ পােষ্টাৰ প্ৰচাৰ কৰিছিল। তদুপৰি মাৰ্চতাে আর্জেন্টিনাৰ মেছিৰ ৰক্তৰঞ্জিত আলােকচিত্র প্রচাৰ কৰি বিশ্বকাপ ৰক্তাক্ত কৰি তােলাৰ ভাবুকি দিছিল আইছিছে। ছিৰিয়া আৰু ইৰাকত শক্তিশালী স্থিতি হেৰুওৱাৰ পাছত বিশ্বৰ বিভিন্ন দেশত সৰু সৰু আক্রমণেৰে ত্ৰাসৰ সৃষ্টি কৰি অহা আইছিছৰ ভাবুকি অতি গুৰুত্বসহকাৰে লৈ ইতিমধ্যে চোৰাংচোৱা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ৰাছিয়াত যােৱা এপ্রিল মাহত সন্ত্রাসবিৰােধী অভিযান চলাই ১১ জেহাদীক হত্যা কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বিভিন্ন প্রান্তত বন্দুক-বুলেট, ছুৰী-গ্রেনেড আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এনে ঘটনাৰাজিয়ে বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা বিশ্বকাপ-২০১৮ সুকলমে পাৰ কৰাটো ৰাছিয়াৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে। কিয়নাে চোৰাংচোৱা সূত্ৰৰ মতে বিশ্বকাপত আইছিছে বিঘিনি ঘটাবলৈ আপ্রাণ চেষ্টা চলাব।
Responsive Ads Here
Thursday, May 24, 2018

ফুটবল তাৰকা মেছি আৰু ৰ'নাল্ডােৰ মূৰ কটাৰ ভাবুকি আইছিছৰ
Tags
# ক্ৰীড়া
# দেশ-বিদেশ
Share This

About Sangbad Prahari
দেশ-বিদেশ
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment