গুৱাহাটী : যুৱ প্ৰজন্মৰ হার্টথ্রব জুবিন গাৰ্গৰ বিৰুদ্ধে তির্যক মন্তব্য কৰি দলৰ ভিতৰতে এলাগী হৈছে বিজেপি বিধায়ক শিলাদিত্য দেৱ। আনকি বিধায়কগৰাকীৰ এনে মত ব্যক্তিগত বুলি কৈ ৰাজ্যিক বিজেপিয়ে জুবিন গাৰ্গৰ সমর্থনত থিয় দিলে। মন কৰিবলগীয়া যে শেহতীয়াকৈ নাগৰিকত্ব আইন (সংশােধনী) বিধেয়কক বিৰােধিতা কৰি জুবিন গাৰ্গে বিহু মঞ্চত এক মন্তব্য প্রকাশ কৰিছিল।
উক্ত মন্তব্যৰ উদ্ধৃতি দি বিধায়ক শিলাদিত্য দেৱে জুবিন গাৰ্গক তীব্র সমালােচনা কৰাই নহয়, শিল্পীগৰাকীক মঞ্চত সুস্থ হৈ গান গাবলৈ কোৱাৰ লগতে জুবিন গাৰ্গক ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে। বিধায়কগৰাকীৰ মন্তব্য আছিল— গান গােৱা মানুহ জুবিনে গান গাই যাওক, ৰাজনীতি কৰিবলৈ ৰাজনীতিবিদ আছে। বিধায়ক শিলাদিত্যৰ এনে মন্তব্যই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া। কালি কেইবাটাও দল-সংগঠনে বিজেপি বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ পাছত আজি আন কেইবাটাও জাতীয় সংগঠনৰ লগতে ৰাজ্যিক বিজেপিৰ উপৰি জ্যেষ্ঠ মন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়াে শিলাদিত্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে। নলবাৰীত অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহকত অংশগ্ৰহণ কৰিবলৈ যােৱা মন্ত্রীগৰাকীয়ে এই সন্দৰ্ভত কয় যে অসমৰ আইডলসকলৰ ওপৰত কোনেও আঙুলি টোৱাব নালাগে। জুবিন আমাৰ নৱপ্ৰজন্মৰ প্ৰেৰণা, আমাৰ গৌৰৱ। জুবিনৰ বিৰুদ্ধে বিজেপিৰেই হওক বা অগপৰেই হওক, কোনেও এনে ধৰণে ক’ব নালাগে। নেতা হিচাপে আমি প্ৰেৰণা দেখুৱাব লাগে। জুবিন অসমীয়াৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। জুবিনে এটা সময়ত বিজেপিৰ হৈ গীত গাইছিল। এতিয়া তেওঁ কিবা কাৰণত আমাক সমালােচনা কৰিছে। আমাক ভাল বুলি ক'লে আমি ভাল পাম, আমাক বেয়া বুলি ক'লে বেয়া পাম, সেয়া হ'ব নালাগে। ফেচবুকতো এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ শিলাদিত্যক উদ্দ্যেশি নানা ঠাট্টা-মস্কৰাৰ আপডেটেৰে এইকেইদিন ভৰি পৰিছে ফেচবুকৰ ৱাল৷
ইফালে শিলাদিত্যৰ মন্তব্যৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য। নেতাগৰাকীয়ে কয় যে জুবিন গার্গে গীত, কথা, মাতেৰে সমাজ জীৱনৰ কথা কৈ আহিছে। জুবিন গাৰ্গ সকলােৰে মৰম আৰু আদৰৰ। বিভিন্ন সময়ত শিল্পীসকলে গীত-মাতেৰে খিলঞ্জীয়া মানুহে সন্মুখীন হােৱা ভাবুকিৰ কথা কৈ আহিছে। তদুপৰি এগৰাকী শিল্পীৰ বাক স্বাধীনতা কোনেও খর্ব কৰিব নােৱাৰে। আছুৰ সাধাৰণ সম্পাক লুৰিণজ্যোতি গগৈয়ে কয় যে শিলাদিত্য দেৱ যে বাংলাদেশীৰ দালাল, এই কথা সকলােৱে জানে। এনে বিভাজনমুখী মন্তব্য দিয়া শিলাদিত্যৰ দৰে লােকৰ বিৰুদ্ধে অসমৰ ৰাইজে প্রতিবাদ কৰিব লাগে। ইফালে শিলাদিত্যৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিয়ে কঠোৰ মন্তব্য কৰি বিধায়কগৰাকীৰ মন্তব্য দলৰ মন্তব্য নহয় বুলিও স্পষ্ট কৰি দিয়ে। নলবাৰীত কার্যনির্বাহক বৈঠকত ব্যস্ত থকা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমত কয় যে শিলাদিত্য দেৱৰ মন্তব্য ব্যক্তিগত মন্তব্য। শিল্পী এজনৰ নিজস্ব স্বাধীনতা থাকে। জুবিন গাৰ্গে যি মন্তব্য কৰিছে, তাক ৰাজ্যিক বিজেপিৰ আপত্তি কৰিবলগীয়া নাই। জুবিন গাৰ্গৰ আহ্বানক ৰাইজে কিদৰে গ্ৰহণ কৰে, সেয়া ৰাইজৰ কথা। ইফালে শিল্পী এগৰাকীৰ বিৰুদ্ধে বিজেপি বিধায়কে কৰা মন্তব্যক লৈ আজি কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাকে ধৰি কেইবাজনাে বিশিষ্ট ব্যক্তিয়ে তীব্র সমালােচনা কৰে। আনকি এনে মন্তব্যৰ বাবে শিলাদিত্যৰ বিৰুদ্ধে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায় বিশিষ্ট ব্যক্তিসকলে।
No comments:
Post a Comment