ধূপগুৰি জাতীয় বিদ্যালয়ত অনুষ্ঠিত শনিবৰীয়া সংগীতানুষ্ঠান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 19, 2018

ধূপগুৰি জাতীয় বিদ্যালয়ত অনুষ্ঠিত শনিবৰীয়া সংগীতানুষ্ঠান


লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত নামজ্বলা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ ভিতৰত ধূপগুৰি জাতীয় বিদ্যালয়ো অন্যতম।
অসম জাতীয় বিদ্যালয়ৰ নীতি নিৰ্দেশনাৰে পৰিচালিত ধূপগুৰি জাতীয় বিদ্যালয়খনে সগৌৰৱেৰে দশম বৰ্ষ অতিক্ৰম কৰি একাদশ বৰ্ষত খোজ পেলাইছে। অতি কম সময়তে সুখ্যাতি লাভ কৰা ব্যতিক্ৰমধৰ্মী বিদ্যালয়খনত অনাধ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষা ব্যৱস্থা, পিতৃহাৰাসকলৰ বাবে মাহেকীয়া মাচুল বিনামূলীয়া আদিৰ দৰে কেতবোৰ বিশেষ সুবিধা থকাৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে বিভিন্ন বাতৰিকাকতৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে। একেদৰে আজি বিদ্যালয়খনত সহ-পাঠ্যক্ৰমৰ আধাৰত অনুষ্ঠিত শনিবৰীয়া সমূহীয়া গীত-মাত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে কৌতুক, সাঁথৰ, প্ৰশ্ন, নৃত্য, বড়ো গীত, আধুনিক গান, গোৱালপৰীয়া লোকগীত, জ্যোতি সংগীত, কবিতা আবৃত্তিৰে বিদ্যালয়ৰ পৰিৱেশ মুখৰিত কৰি তোলে। অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক খাইৰুল ইছলামে। প্ৰায় ২৫৫ গৰাকী ছাত্ৰ ছাত্ৰী আৰু ১৯ গৰাকী শিক্ষক শিক্ষয়ত্ৰীয়ে উপভোগ কৰে এই আমোদজনক অনুষ্ঠানটি। অনুষ্ঠানটিত পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ জ্যোতি বড়োয়ে। অনুষ্ঠানটিৰ মূখ্য আকৰ্ষণ আছিল অধ্যক্ষ মহোদয়ে গোৱা হৃদয় চুই যোৱা আশ্বিকী চিনেমাৰ জনপ্ৰিয় গীত। সদৌ শেষত খাইৰুল ইছলামৰ বাউল গানেৰে অনুষ্ঠানটিৰ সামৰণি পৰে।

No comments:

Post a Comment

SPONSORED