ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহতিওৱাৰ ফলত নিহত তিনিজন যুৱক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 19, 2018

ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহতিওৱাৰ ফলত নিহত তিনিজন যুৱক


গোসাঁইগাঁও : যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে প্ৰাণ কাঢ়িলে তিনি যুৱকৰ৷নিশা নিজৰ কৰ্তব্য সমাপন কৰি গৃহাভিমুখে প্ৰত্যাৱৰ্তন কৰাৰ সময়তে ট্ৰাকখনে মহতিয়াই নিয়াৰ ফলত তিনি যুৱকৰ মৃত্যু ঘটাত এতিয়া চৌদিশে শোকৰ ছাঁ৷
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাটিয়াজুৰিস্থিত ৰিলায়েন্স পেট্ৰল পাম্পৰ তিনি কৰ্মচাৰীয়ে নিশা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ খুন্দাত আকস্মিক ভাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল৷ ৰিলায়েন্স পেট্ৰল পাম্পৰ নিহত তিনি কৰ্মচাৰী ক্ৰমে হাৰাপুটা গাঁৱৰ প্ৰবীন দাসৰ পুত্ৰ ৰবিনছন দাস(২৬) , ৰেষ্টেকপুৰ গাঁৱৰ মাশিম হেমব্ৰমৰ পুত্ৰ ৰবিনছন হেমব্ৰম(২৪) আৰু পদ্মতলা গাঁৱৰ প্ৰয়াত চপেন মুৰ্মুৰ পুত্ৰ সুপ্ৰীয় মুৰ্মু বুলি চিনাক্ত কৰা হৈছে৷ গোসাঁইগাঁও মহকুমাৰ হাৰাফুটা ৩১ নম্বৰ (গ)ৰাষ্ট্ৰীয় ঘাইপথৰ ৰিলায়েন্স পেট্ৰল পাম্পত কৰ্মৰত তিনিগৰাকী যুৱকে দুখন ছাইকেলেৰে ১১ মান বজাত নিশা নিজ গৃহলৈ ওভতাৰ সময়তে পশ্চিম বংগ অভিমুখে গৈ থকা তীব্ৰবেগী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত তিনিওগৰাকী যুৱকে ঘটনাস্থলীতে অকাল মৃত্যুক সাৱটিব লগা হয়৷
কিছু সময় পিছতে দুৰ্ঘটনাৰ খবৰ চৌদিশে বিয়পি পৰাত স্থানীয় ৰাইজ সহ পৰিয়াল তথা আত্মীয়-স্বজনে এনে মৰ্মান্তিক ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰি দিক্বিদিক হেৰুৱাই পেলোৱা পৰিলক্ষিত হয়। পিছদিনা গোসাঁইগাঁও আৰক্ষী থানাত পৰিয়াল তথা আত্মীয়-স্বজন কান্দোনত ভাঙি কৰাৰ উপৰি শতাধিক লোকে মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ আৰক্ষী থানাত ভিৰ কৰেহি৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়াত তৎক্ষণাতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিশাৰ ভাগতে মৃতদেহ উদ্ধাৰ কৰি থানালৈ অনাৰ পিছত আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰে৷ ইয়াৰ বিপৰীতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা সন্দেহজনক পি বি ০৫ চি/৯৯৭৮ নম্বৰৰ ট্ৰাকখন সহ চালকজনক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment

SPONSORED