সোণাৰিত দুটা শক্তিশালী বোমা উদ্ধাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 07, 2018

সোণাৰিত দুটা শক্তিশালী বোমা উদ্ধাৰ

ৱেব সংবাদঃ চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তর্গত ৰহণ বৰটানি গাঁৱৰ পৰা ৭মেত সেনা, আৰক্ষী আৰু চি আৰ পি এফৰ এটা বৃহৎ দলে দীঘলীয়া অভিযান চলাই নাটকীয় পৰিস্থিতিত দুটা শক্তিশালী বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
ঘটনাৰ বিবৰণী মতে, প্রতিদিন টাইম নামৰ টেলিভিছন চেনেলটোৰ সোণাৰিৰ সাংবাদিক ৰাজু সিংহলৈ  পুৱা নিজকে আলফা সদস্য বুলি পৰিচয় দিয়া এজন অচিনাকি লোকে ৭০৮৫৮৯৬৪০৪ নম্বৰৰ পৰা ফোন কৰি লংপতিয়া অঞ্চলত দুটাকৈ শক্তিশালী বোমা স্থাপিত কৰি থোৱাৰ কথা জনায়৷ আলফা সদস্যজনে বোমা থকাৰ কথাটো সেনা আৰু আৰক্ষীক জনাই দিবৰ কাৰণে সাংবাদিকগৰাকীক নির্দেশ দিয়ে৷
সাংবাদিক সিংহই জানিবলৈ দিয়া মতে, অজ্ঞাত ব্যক্তিজনৰ ফোন পোৱাৰ পাছত ততাতৈয়াকৈ তেওঁ চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিতমল দলেৰ কাষত গৈ উপস্থিত হৈ ঘটনাটো অৱগত কৰে৷ আৰক্ষী বিষয়াগৰাকীৰ সৈতে কথা পাতি থকা অৱস্থাত সাংবাদিকগৰাকীলৈ পুনৰ সন্দেহযুক্ত আলফা সদস্যজনে ফোন কৰাত তেওঁ ফোনটোৰ লাউড স্পিকাৰ অন কৰি দিয়াত তেওঁলোকৰ মাজত হোৱা কথোপকথন আৰক্ষী অধীক্ষক গৰাকীয়েও শুনিব পায়৷ ইয়াৰ পাছতে আৰক্ষী অধীক্ষকগৰাকীযে আৰক্ষী, সেনা, চি আৰ পি এফ আৰু গত ৪ মে’ত আৰক্ষীৰ হাতত গৰুখোৱা গাঁৱত গ্রেপ্তাৰ হোৱা নির্মল অসম নামৰ আলফা সদস্যজনৰ সৈতে এটা বৃহৎ দল লৈ বোমা দুটাৰ সন্ধানত অভিযান অৰম্ভ কৰে৷
অভিযানকাৰী দলটোৱে মিৰিপথাৰৰ পৰা আৰম্ভ কৰি লিংপতিয়া, উজ্জান লিংপতিয়া, হাঁওফাঁও, ভেচেলিপথাৰ আদি গাঁৱত অভিযান চলাই অৱশেষত দিনৰ প্রায় ৩-৩০ বজাত সাপেখাতী আৰক্ষী থানাৰ অন্তর্গত দিচাং নৈৰ পাৰত অৱস্থিত ৰহণ বৰটানি গাঁৱত উপস্থিত হৈ তালাচী অৰম্ভ কৰে৷ দীর্ঘ সময়ৰ পাছত অভিযানকাৰী দলটোৰ সৈতে যোৱা আলফা সদস্য নির্মল অসমে দেখুৱাই দিয়া অঞ্চলটোৰ মাজেদি পাৰ হৈ যোৱা উচচ ক্ষমতা সম্পন্ন বিদু্যতৰ টাৱাৰ এটাৰ দুডাল খঁুটাত বান্ধি থোৱা অৱস্থাত দুটা আই ই ডি উদ্ধাৰ কৰে৷৷

No comments:

Post a Comment

SPONSORED