ৱেব সংবাদঃ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সমষ্টি তিতাবৰক বাদ দি ৰাজ্যখনৰ কোনো এটা বিধানসভা সমষ্টিতেই এশ শতাংশ সুচল নহয় চৰকাৰী পানী যোগান আঁচনি৷ শাসনত থকাৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্রীৰ সমষ্টি বুলিয়েই কেৱল তিতাবৰত এশ শতাংশ পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল৷ তৰুণ গগৈৰ তিনিটা কার্যকালত বিভাগীয় মন্ত্রীয়ে কেৱল মুখ্যমন্ত্রীক সন্তুষ্ট কৰি ৰাখিবৰ বাবে তিতাবৰবাসীক পানী যোগান ধৰাত সর্বাধিক গুৰুত্ব দিছিল৷
তাৰ বিপৰীতে ১২৬টা সমষ্টিৰ অধিক সংখ্যক সমষ্টিতেই প্রায় ৫০ শতাংশ আঁচনি বিকল হৈ পৰিছিল, যিবোৰ আঁচনি ৰাজ্যৰ নতুন চৰকাৰখনেও কার্যক্ষম কৰি তুলিবলৈ সক্ষম হোৱা নাই৷ বিজেপি-নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখন শাসনলৈ অহাৰ পাছত পূর্বৰ পৰা বিকল হৈ থকা পানী যোগান আঁচনিসমূহৰ প্রতিটো সমষ্টিত ৬খনকৈ আঁচনি কার্যক্ষম কৰিবৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল৷ কিন্তু নতুন চৰকাৰৰ সেই সিদ্ধান্ত সিদ্ধান্ত হৈয়ে ৰ’ল৷
একোটা সমষ্টিত বিকল হৈ থকা আঁচনিসমূহৰ ৬খনকৈ আঁচনি কার্যক্ষম কৰটো দূৰৰে, কথা প্রতিটো সমষ্টিত এখনকৈও বিকল আঁচনি কার্যক্ষম কৰিব নোৱাৰিলে৷ অৱশ্যে তাৰ পৰিৱর্তে নতুনকৈ ২০খন আঁচনি ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু নতুন ২০খন আঁচনি ক’ত ৰূপায়ণ কৰিবলৈ নতুন চৰকাৰখনে সিদ্ধান্ত লৈছে? জানিব পৰা মতে, কংগ্রেছ চৰকাৰৰ কার্যকালত তেতিয়াৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ তিতাবৰ সমষ্টিৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰাৰ দৰে এতিয়াৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীতহে পানী যোগানৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷
কাৰণ নতুন যি ২০খন আঁচনি ৰূপায়ণৰ কাম হাতত লোৱা হৈছে, সেই আঁচনিকেইখনৰ ৪খন আঁচনিয়েই মাজুলীত দিয়া হৈছে৷ মাজুলীত বেছি আঁচনিৰ প্রয়োজন৷ কিন্তু অন্য সমষ্টিসমূহতো পানী যোগান আঁচনিৰ অৱস্থা তথৈৱচ৷ কিন্তু মাজুলীৰ দৰে অন্য সমষ্টিত সম গুৰুত্ব দিয়া দেখা নগ’ল৷ সেই একেদৰে ২০খন আঁচনিৰ ৪খন মুখ্যমন্ত্রীৰ সমষ্টিত দি ৫খন আঁচনি দিয়া হৈছে জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰিহন দৈমাৰীৰ সমষ্টি ওদালগুৰিত৷
অর্থাৎ ৯খন আঁচনি দুটা সমষ্টিতেই আবণ্টন দিয়া হ’ল৷ বাকী থকা ১১খন আঁচনি অন্য কেইটামান সমষ্টিৰ মাজত ভগাই দিয়া হৈছে৷ বিভাগীয় মন্ত্রীয়ে নিজৰ সমষ্টিটোৰ লগতে মুখ্যমন্ত্রীৰ সমষ্টিক অগ্রাধিকাৰ দিয়াৰ বাহিৰে অন্য সমষ্টিক গুৰুত্ব দিয়া দেখা নাই৷ যেনেদৰে বিকল আঁচনি কার্যক্ষম কৰাত চৰকাৰখনৰ গুৰুত্ব নাই, সেইদৰে নতুন আঁচনি সমষ্টি ভিত্তিত ভগাই দিয়াৰ ক্ষেত্রত স্বার্থান্বেষী ভূমিকা গ্রহণ কৰিছে৷ উল্লেখযোগ্য যে অসম বিধানসভালৈ ধাৰাবাহিকভাৱে ৭বাৰ বিজয়ী হৈ আহিছে বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী৷ কিন্তু এইজন বিধায়কৰ সমষ্টিত আজিৰ তাৰিখত ৩০খন পানী যোগান আঁচনিয়েই বিকল হৈ আছে৷
অগপৰ দখলত থকাৰ বাবে পূর্বৰ কংগ্রেছ চৰকাৰে বঙাইগাঁৱত পানী যোগান আঁচনিৰ সফল ৰূপায়ণ কৰাত গুৰুত্ব দিয়া নাছিল৷ সেইদৰে পানী যোগান আঁচনিৰ সুফল ভালেদৰে পোৱাৰ পৰা বঞ্চিত হৈ আহিছিল বা বর্তমানেও অৱহেলিত কার্বি আংলং আৰু ডিমা হাছাও জিলা৷ কার্বি আংলঙৰ বোকাজান সমষ্টিত ৪৫খন, বৈঠালাংছ’ত ৪৮খন আঁচনি বিকল হৈ আছে৷ ডিমা হাছাওৰ হাফলং সমষ্টিত আকৌ ১০০খন আঁচনিয়েই বিকল৷ সেইদৰে বি টি এ ডিৰ বহুকেইটা সমষ্টিত ভালেংসংখ্যক আঁচনি বিকল হৈ আছে৷
লাভ কৰা তথ্য অনুসৰি বিজনীত ৩৬খন, কোকৰাঝাৰ পূবত ২২খন, কোকৰাঝাৰ পশ্চিমত ৩৮খন, বৰমাত ১৩খন, গোসাইগাঁৱত ৩৬খন, কলাইগাঁৱত ২০খন পানী যোগান আঁচনি বিকল হৈ আছে৷ স্বয়ং দিছপুৰ সমষ্টিতেই বিকল হৈ আছে ৩৭খন আঁচনি৷ অথচ তাৰ পাছতো সকলোবোৰ সমষ্টিত সম গুৰুত্বৰে পানী যোগান আঁচনি ৰূপায়ণ কৰাত চৰকাৰৰ গুৰুত্ব নাই৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ দৰে বিজেপি-নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনেও পক্ষপাতমূলক ভূমিকা গ্রহণ কৰাত সকলো সমষ্টিৰ বাসিন্দাই বিশুদ্ধ পানী পোৱাৰ সম্ভাৱনা নোহোৱা হৈ পৰিছে৷
No comments:
Post a Comment