লাহৰীঘাট : চৰকাৰে দেশৰ সাধাৰণ শ্ৰেণী তথা পিছপৰা দৰিদ্ৰ পৰিয়ালৰ কল্যাণাৰ্থে ৰূপায়ন কৰা জনকল্যাণমূলক আঁচনিসমূহে ঢুকি পোৱা নাই প্ৰকৃত দৰিদ্ৰ পৰিয়ালক। অৱশ্যে ২০১১ চনৰ আৰ্থ সামাজিক লোকপিয়লক ভিত্তি বৰ্ষ হিচাপে লোৱাৰ বাবেই এনে বিসংগতি সংঘটিত হোৱাৰ সম্ভাৱনা প্ৰকট। মূলত: পূৰ্বৰ চৰকাৰৰ দিনত একাংশ ভ্ৰষ্টাচাৰী বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে ব্যাপক দূৰ্নীতি সংঘটিত কৰাৰ ফলতে বাদ পৰিল অধিকাংশ প্ৰকৃত দূখীয়া পৰিয়াল। আনহাতে আয়ুস্মান ভাৰত আঁচনিত একাংশ দৰিদ্ৰ পৰিয়ালৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীৰ নাম অন্তৰ্ভূক্ত হোৱাৰো অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, সমাজৰ প্ৰতিটো দৰিদ্ৰ পিছপৰা পৰিয়াল তথা ভূমিহীন লোকক আয়ুস্মান ভাৰতৰ অধীনত প্ৰতিটো পৰিয়ালৰ বাবদ চৰকাৰে প্ৰদান কৰিছে বাৰ্ষিক পাচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা । কিন্তু যোৱা ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা গ্ৰাম স্বৰাজ অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলসমূহত আয়োজিত সভাত সংশ্লিষ্ট এ এন এম আৰু আশা কৰ্মীয়ে আয়ুস্মান ভাৰত আচনিৰ তালিকাত অন্তৰ্ভূক্ত হিতাধিকাৰীৰ নাম ঘোষণা কৰাৰ লগে লগে পোহৰলৈ আহিছে বিগত চৰকাৰৰ দিনত সংঘটিত হোৱা বিয়াগোম খেলিমেলি । আন এক অভিযোগ অনুসৰি, বহু দিন হাজিৰা কৰা লোকৰ পৰিয়ালো বঞ্চিত হৈছে এনে ফলপ্ৰসূ আচনিৰ পৰা। অকল এয়াই নহয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামতো এনে বিয়াগোম কেলেংকাৰী পোহৰলৈ আহিছে। দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ স্থিতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা নললে অকল লাহৰীঘাটতে নহয় সমগ্ৰ ৰাজ্যতে প্ৰকৃত দৰিদ্ৰ পৰিয়াল এনে জনকল্যাণমূলক আঁচনিৰ পৰা যে বাদ পৰিব সেয়া নিশ্চিত । পৰিবৰ্তনকামী চৰকাৰে যাতে স্বচ্ছ আৰু নিকাভাবে প্ৰকৃত দৰিদ্ৰ পৰিয়ালক সামৰি এখনি নতুন তালিকা প্ৰস্তুত কৰে তাৰ প্ৰতি লাহৰীঘাটবাসী ৰাইজে আহ্বান জনাইছে ।
Responsive Ads Here
Monday, May 07, 2018

‘আয়ুস্মান ভাৰত' আঁচনি ৰূপায়নত ব্যাপক অনিয়ম : নাম নাই প্ৰকৃত দৰিদ্ৰ পৰিয়ালৰ
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment