লাহৰীঘাটত অনুজ্ঞাপত্ৰবিহীন তীব্ৰবেগী ট্ৰেক্টৰৰ দৌৰাত্ম্য - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 07, 2018

লাহৰীঘাটত অনুজ্ঞাপত্ৰবিহীন তীব্ৰবেগী ট্ৰেক্টৰৰ দৌৰাত্ম্য

লাহৰীঘাট : লাহৰীঘাটত ট্ৰেক্টৰে পথাৰত হাল বোৱাৰ পৰিৱৰ্তে ৰাস্তায়েদি মাটি সৰবৰাহ কৰি থকাৰ ঘটনাই সচেতন মহলক বৰকৈ চিন্তিত কৰি তুলিছে। প্ৰাপ্ত অভিযোগ অনুসৰি, মাটি কঢ়িওৱা ট্ৰেক্টৰ সমূহৰ অধিকাংশ ট্ৰেক্টৰ চালকৰে নাই কোনো অনুজ্ঞাপত্ৰ। আনকি একাংশৰ বয়সো ১৮ বছৰতকৈ কম বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট, বগলীপৰা, ধূপগুৰি, টেঙাগুৰি, কুশতলি, ভূঞাবাৰী, ৰজাগাধোৱা আদি অঞ্চল সমূহত বিৰাজ কৰিছে এনে ভয়াবহ পৰিস্থিতি । মাটি সৰবৰাহ কৰা তীব্ৰবেগী ট্ৰেক্টৰ চলাচলৰ ফলত পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
আনহাতে জনবসতি বহুল এই অঞ্চল সমূহৰ নিতৌ একাংশ ছাত্ৰ ছাত্ৰীকে আদি কৰি সহস্ৰাধিক পথচাৰীৰ এই ব্যস্ত ৰাস্তাত আগমন ঘটে আৰু যিসকলৰ বাবে ই কঢ়িয়াই আনিছে অশনি সংকেত । পাৰ্শ্বৱৰ্তী ৰাইজে এনে কাৰ্য্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে। ৰাইজৰ মতে অনুজ্ঞাপত্ৰ বিহীন কোনো বাহন যাতে চলিব নোৱাৰে তাৰ ওপৰত প্ৰসাশনে কটকটীয়া দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু অতিশীঘ্ৰে এনে ট্ৰেক্টৰ যাতায়ত ৰোধ কৰিব লাগে। অন্যথা যিকোনো মুহূৰ্ততে হৈ যাব পাৰে বিৰাট শোকাবহ দূৰ্ঘটনা । এনেস্থলত প্ৰশাসনে কি ভূমিকা লয় সেয়া হ’ব লক্ষণীয় ।

No comments:

Post a Comment

SPONSORED