দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰত ব্যতিক্ৰমী বৈশাগু বাৰদৈ চিখলা উৎসৱ উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 07, 2018

দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰত ব্যতিক্ৰমী বৈশাগু বাৰদৈ চিখলা উৎসৱ উদযাপন

কোকৰাঝাৰ : বিটিএডিৰ কেন্দ্ৰবিন্দু কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় পথাৰত শণিবাৰৰ পৰা আৰম্ভ হোৱা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ বৈশাগু বাৰদৈ চিখলা উৎসৱৰ সফল সামৰণি পৰে৷ বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত বৈশাগু বাৰদৈ চিখলা উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু, বৈশাগু নৃত্যই নহয় ৩৬ কৈও অধিক অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীয় কলা - সাংস্কৃতিক প্ৰদৰ্শন কৰা আৰু দল সংগঠনৰ নেতা প্ৰতিনিধি সকলৰ অংশগ্ৰহণেৰে ৰাজ্যৰ জাতি জনজাতিৰ একতা, এনাজৰী, ভাতৃত্ববোধ, সাংস্কৃতিক সমন্বয়ৰ মহামিলনত পৰিনত হ’ল কোকৰাঝাৰ৷
অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি বি পি এফৰ সক্ৰিয় নেতা তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ সভানেতৃত্বৰ ৰঙীন অনুষ্ঠানত বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মূখ্য খাম্ফা বৰগয়াৰী, ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, আমন্ত্ৰিত মুখ্য অতিথি ৰূপে অসম সাহিত্য সভাৰ পৰমানন্দ ৰাজবংশী, আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্যকে ধৰি বিভিন্ন কাউঞ্চিলৰ সদস্য, ৱেব মিডিয়া " পাব্লিক প্ৰেছ" ৰ কাৰ্যকৰী সম্পাদক দিগন্ত ভূঞা আৰু বিভিন্ন ছাত্ৰ সন্থাৰ নেতা, কৰ্মী সকল উপস্থিত থকা অনুষ্ঠানটি উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে। অসমীয়া ভূমিপুত্ৰ জনগোষ্ঠীয় বড়ো, ৰাভা, গাড়ো , মিচিং, ঠেঙাল, কচাৰী, ডিমাছা, আদি ৩৬ কৈও অধিক জনগোষ্ঠীৰ ডেকা গাভৰুয়ে জাতীয় সাজপাৰেৰে বৈশাগু নৃত্য, বিহু নৃত্য আদি জনগোষ্ঠীৰ নিজ নিজ জাতীয় সাজ পাৰেৰে সাংস্কৃতিক প্ৰদৰ্শনেৰে ৰঙীন হৈ পৰে বি টি চি সচিবালয়ৰ প্ৰাংগণ বডোফা নগৰ । অসমৰ ভিন্ন জাতি জনজাতিৰ মাজত একতা, ভাতৃত্ববোধ , শান্তি সম্প্ৰিতী, এনাজৰীৰ সাক্ষী হৈ ৰল বাৰদৈ চিখলা  উৎসৱ। বড়ো সকলৰ খাম, চিফুং আৰু অসমীয়াৰ ঢোল , পেঁপা, গগণা আদি বাদ্যযন্ত্ৰৰ ধ্বনি আৰু বিহু ,বৈশাগুৰ গীতৰ তালে- তালে ককাল ভাঙি হেঁপাহ পলুৱাই নাচি বিহু বলিয়া ৰাইজক আপ্লুত কৰে। বিভিন্ন বিহুৰ বাদ্যযন্ত্ৰৰ সংগীত আৰু গীতেৰে মুখৰিত হৈ পৰে কোকৰাঝাৰ বডোফা নগৰস্থিত " বৈশাগী বাৰদৈ চিখলা  উৎসৱৰ বাকৰি।
বিটিচিয়ে উদযাপন কৰা সাংস্কৃতিক বিনিময়, ভাতৃত্ববোধ বান্ধোনৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ আহি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে আলোচনা বিৰোধী তথা সংগ্ৰামী অস্ত্ৰধাৰী দল আলফা (স্বাধীন) ৰ সৈতে গুলীয়াগুলীত সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাই উগ্ৰপন্থীৰ গুলিত অকালতে প্ৰাণ হেৰুৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি বুলেটপ্ৰুফ জেকেট পৰিধান কৰা স্বতেও গুলিত প্ৰাণ হেৰুৱাৰ ঘটনাৰ আঁৰত সুৰুঙা থকা বুলি সদৰী কৰে। তাৰোপৰি মুকলি সভাত দীঘলীয়া ভাষন প্ৰদান কৰি মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা জনায়৷ মাতৃভাষা জনা ব্যক্তি সকলকহে চাকৰি প্ৰদান কৰা উচিত বুলি কয় । বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে বিভিন্ন জাতি জনজাতিৰ মাজত একতা, ভাতৃত্ববোধ এনাজৰীৰ পৰিবেশ সৃষ্টি কৰিব বুলি বাৰ্তা বিলায় ।
আনহাতে এই অনুষ্ঠানত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ বিলখন জাতিধ্বংসী বিল বুলি অভিহিত কৰি সংসদীয়া যুটীয়া কমিটিৰ সন্মুখত ইয়াৰ বিৰোধিতা কৰিব বুলি সদৰী কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো জাতি জনগোষ্ঠীয়ে সমিলমিলেৰে আগবাঢ়ি ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰ সমাজ গঢ়াত গুৰুত্ব আৰোপ কৰে ।


No comments:

Post a Comment

SPONSORED