উজনি অসম, অৰুণাচলত আলফাৰ (স্বাঃ) স্থিতি সবল হৈছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, May 06, 2018

উজনি অসম, অৰুণাচলত আলফাৰ (স্বাঃ) স্থিতি সবল হৈছে

ৱেব সংবাদঃ আৰক্ষী প্রশাসনৰ চকুত ধূলি দি উজনি অসমত উত্থান ঘটিছে আলফা স্বাধীনৰ৷ পৰেশ বৰুৱাৰ নেতৃত্বাধীন উগ্রপন্থী সংগঠনটোৱে অতি গোপনে ডিব্রুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত স্থিতি সবল কৰি তুলিছে৷ সদস্যভর্তিৰ লগতে সংগঠনটোৱে উজনিত ব্যাপক মাত্রাত ধন সংগ্রহৰ অভিযানো আৰম্ভ কৰিছে৷ এই তথ্য প্রকাশ কৰিছে কেন্দ্রীয় চোৰাংচোৱাৰ এটা শীর্ষ সূত্রই৷
অসম অৰুণাচল সীমান্তৱর্তী এলেকাত আলফা স্বাধীনে দীর্ঘ দিন খোপনি পুতি থকাৰ কথা উল্লেখ কৰি সূত্রটোৱে প্রকাশ কৰিছে যে অৰুণাচলৰ নামনি দিবাং ভেলী, লোহিত আৰু চাংলাং জিলাত উগ্রপন্থী সংগঠনটোৰ সদস্যসকলৰ শিবিৰ থকাৰ তথ্য আছে৷ সীমান্তৰ এই অঞ্চলটো অত্যন্ত দুর্গম হোৱাৰ বাবেই উগ্রপন্থী সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে আৰক্ষী সফল হোৱা নাই৷ সূত্রটোৰ মতে, আলফাই উজনি অসমৰ চাহ বাগিচাৰ লগতে একাংশ অসাধু ব্যৱসায়ী আৰু ঠিকাদাৰৰ পৰা ধন সংগ্রহ কৰি আহিছে৷
শেহতীয়াকৈ সংগঠনটোৱে ধন সংগ্রহৰ অভিযান অধিক তীব্র কৰিছে বুলি উল্লেখ কৰি সূত্রটোৱে লগতে কয় যে আলফাই অসাধু ব্যৱসায়ী আৰু ঠিকাদাৰসকলক এই কাৰণতে লক্ষ্য কৰি লৈছে যাতে নিজৰ স্বৰূপ প্রকাশ পোৱাৰ ভয়তে তেওঁলোক আৰক্ষীৰ কাষ নাচাপে৷ আলফাই চলাই থকা এই কাম-কাজৰ কথা চোৰাংচোৱাই ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ লগতে অসম আৰক্ষীকো অৱগত কৰিছে ৷
সূত্রটোৰ মতে, কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে সমগ্র বিষয়টো সূক্ষ্মভাৱে পর্যবেক্ষণ কৰি আছে৷ মন কৰিব লগীয়া কথা যে আলফাৰ বহু সংখ্যক শীর্ষ নেতা আলোচনাৰ মেজলৈ অহাৰ পাছত অসমৰ পৰিস্থিতি বহু পৰিমাণে সুস্থিৰ হৈছিল৷ আনহাতে, দুর্বল হৈ পৰিছিল ম্যানমাৰত বাহৰ পাতি থকা পৰেশ বৰুৱাৰ শিবিৰটো৷ পিছে শেহতীয়াকৈ পুনৰ কঁকাল পোনাবলৈ সক্ষম হৈছে পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফাৰ গোটটোৱে৷ পৰেশ বৰুৱা গোটৰ এই উত্থানে এতিয়া শংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ কালি বৰডুমচাত সংঘটিত ঘটনাই প্রমাণ কৰিছে পৰেশ বৰুৱা গোটৰ শক্তিৰ কথা৷ এনে পৰিস্থিতিত অনাগত দিনত পুনৰ অসমৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ আশংকা প্রবল হৈ পৰিছে৷


No comments:

Post a Comment

SPONSORED