অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফোপােলা স্বৰূপ, বুলেটপ্রুফ জেকেটে ৰুধিব নােৱাৰে বুলেট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, May 06, 2018

অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফোপােলা স্বৰূপ, বুলেটপ্রুফ জেকেটে ৰুধিব নােৱাৰে বুলেট

গুৱাহাটীঃ ৰাজহুৱা হিচাপ পৰীক্ষা কমিটী, কেগত অনিয়ম উন্মােচিত হােৱাৰ পাছতাে কমিছনৰ অংক একাংশ বিষয়াৰ৷ উগ্রপন্থীবিৰােধী অভিযানত তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা নিহত হােৱা ঘটনাই পুনৰ উদঙাই দিলে অসম আৰক্ষীৰ আধুনিকীকৰণৰ ফোঁপােলা স্বৰূপ। সমান্তৰালভাৱে ৰাজ্যত তৎপৰতা অব্যাহত ৰখা উগ্রপন্থী-সন্ত্রাসবাদীক প্রতিহত কৰিবলৈ অসম আৰক্ষীৰ সক্ষমতা কিমান, তাক লৈও বহু প্ৰশ্নৰ উদ্রেক ঘটাইছে এই ঘটনাই। ইয়াৰ মূলতে বুলেটপ্রুফ জেকেট পৰিধান কৰি থকাৰ পাছতাে সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ শৰীৰ আলফা (স্বাধীন)ৰ কেডাৰে বৰ্ষণ কৰা অত্যাধুনিক মাৰণাস্ত্ৰৰ গুলীয়ে এইদৰে ভাস্কৰৰ বুলেটপ্রুফ থকা-সৰকা কৰাটো। সর্বত্র প্রশ্ন উঠিছে অস্ত্রশস্ত্রৰ কথা বাদেই, জেকেট ভেদিছিল গুলীয়ে অসম আৰক্ষীৰ বুলেটপ্রুফ জেকেটে উগ্রপন্থীৰ ‘বুলেট’ৰ আঘাতাে ৰুধিব নােৱাৰে নেকি? উল্লেখ্য যে অসম আৰক্ষীয়ে বিগত সময়ছােৱাত বুলেটপ্রুফ জেকেট ক্রয় কৰাৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হােৱাৰ অভিযােগ উত্থাপন হৈ আহিছে। অকল অভিযােগেই নহয়, অসম বিধানসভাৰ ৰাজহুৱা হিচাপ কমিটী আৰু ভাৰতৰ নিয়ন্ত্রক-মহাহিচাপ পৰীক্ষক (কেগ)ৰ প্রতিবেদনতাে বুলেটপ্রুফ জেকেট ক্রয় কেলেংকাৰিৰ তথ্য পােহৰলৈ আহিছিল। ৰাজহুৱা হিচাপ পৰীক্ষা কমিটী আৰু কেগৰ প্রতিবেদনৰ এই তথ্যই তােলপাৰ লগাইছিল অসম আৰক্ষীৰ ভিতৰচ'ৰাত। কিন্তু তাৰ পাছতাে বিষয়টোত যিধৰণে গুৰুত্ব আৰােপ কৰিব লাগিছিল, সেইটো কৰা নহ'ল বুলি অভিযােগ উঠিছে। অভিযােগ মতে, অসম আৰক্ষীৰ কর্তৃত্বশীল একাংশ বিষয়াই কমিছনৰ অংকতেই বিশেষ প্রতিষ্ঠানৰ পৰা অত্যধিক দৰত তথা নিম্নমানৰ বুলেটপ্রুফ জেকেট ক্ৰয় কৰাৰ বাবে উঠিপৰি লাগে। যাৰ পৰিণতিতেই বুলেটপ্রুফ জেকেট পৰিধান কৰি থকা সত্ত্বেও উগ্রপন্থীৰ গুলীত প্রাণ হেৰুৱাবলগীয়া হ'ল ভাস্কৰ কলিতাৰ দৰে এজন সাহসী বিষয়াই। আৰক্ষী বিষয়াজন শহীদ হােৱাৰ পাছত পুনৰ চৰ্চালৈ আহিছে অসম আৰক্ষীত ক্রয় কেলেংকাৰি প্রসংগ। স্মর্তব্য যে অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা কমিটীয়ে দাখিল কৰা ৮৯নং প্রতিবেদনত নিম্নমানৰ বুলেটপ্রুফ জেকেট ক্রয় কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰিছে। ২০০৩ চনত দাখিল কৰা প্রতিবেদনত কোৱা হৈছিল যে অসম আৰক্ষীয়ে নিৰ্ভৰযােগ্য প্রতিক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাক এলাগী কৰি দিল্লীৰ এটা প্রতিষ্ঠানৰ পৰা ১,৬৭৩টা নিম্নমানৰ বুলেটপ্রুফ জেকেট কিনিছিল। এইক্ষেত্ৰত বুলেট প্রুফ জেকেটৰ মানৰ ক্ষেত্ৰত আপােচ কৰাই নহয়, ইয়াক পৰিধান কৰাসকলক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ কথাও স্পষ্টকৈ উল্লেখ কৰা হৈছিল প্রতিবেদনখনত। ১৯৯৫ চনত উক্ত বুলেটপ্রুফ জেকেটসমূহ ক্ৰয় কৰাৰ বাবে ১৬টাকৈ ব্যক্তিগত প্রতিষ্ঠানে নিবিদা দাখিল কৰিছিল। সেইমর্মে বিভাগীয় ক্ৰয় কমিটীয়ে প্ৰতিটো জেকেটৰ বাবে ৪,২৯০ টকা ব্যয়ত অনুমােদন দিয়ে। অসম আৰক্ষীয়ে ১,৬৭৩টা জেকেট ক্রয় কৰে মুঠ ৭১.৭ লাখ টকাত। কিন্তু আন প্রতিষ্ঠানে অনুৰূপ ধৰণৰ বুলেটপ্রুফ জেকেট প্রতিক্ষা বাহিনীক যােগান ধৰিছিল ৩,৬০০ টকাতেই। তদুপৰি এই বুলেটপ্রুফ জেকেটসমূহৰ নিম্নমানক লৈ আন এক গুৰুত্বপূর্ণ বিষয় ৰাজহুৱা হিচাপ পৰীক্ষা কমিটীৰ প্রতিবেদনত উল্লেখ কৰা হৈছিল। সেই অনুসৰি ১৯৯৬ চনৰ ২৪ মে’ত দশম অসম আৰক্ষী বেটেলিয়নৰ তেতিয়াৰ অধিনায়কে এযােৰ বুলেটপ্রুফ জেকেট ৭.৬২ এম এম ৰাইফলেৰে আন তিনিজন আৰক্ষী বিষয়াৰ উপস্থিতিত পৰীক্ষা কৰিছিল। পৰীক্ষাকালত বুলেটপ্রুফ জেকেটকেইটা যে নিম্নমানৰ আছিল, সেইটো ধৰা পৰে। ৰাজহুৱা হিচাপ পৰীক্ষা কমিটীৰ প্রতিবেদনৰ উপৰি কেগেও অসম আৰক্ষীত বুলেটপ্রুফ জেকেট এয়ৰ নামত হােৱা অনিয়মৰ তথ্য পােহৰলৈ আনিছে। তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ আমােলত সংঘটিত হৈছিল এই অনিয়ম। ২০১৩ চনৰ ৩১ মার্চত সমাপ্ত হােৱা বৰ্ষটোৰ বাবে কেগে দাখিল কৰা প্রতিবেদনত উল্লেখ কৰা তানুসৰি, আৰক্ষী বাহিনীৰ আধুনিকীকৰণ আঁচনিৰ অধীনত ২০০৯-১০ আৰু ২০১০-১১ বিত্তীয় বর্ষত কম ওজনৰ বুলেটপ্রুফ জেকেট ক্ৰয়ৰ নামত তেতিয়াৰ আৰক্ষী সঞ্চালকপ্রধানে সংশ্লিষ্ট প্রতিষ্ঠান অতিৰিক্তভাৱে ৬০.১৯ লাখ টকা আদায় দিছিল। ২০১২ চনৰ মাৰ্চ মাহত অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (অসম আৰক্ষীৰ মুখ্য কার্যালয়)-এ বাংগালুৰুৰ মেছাৰ্ছ টাটা এডভান্সড মেটেৰিয়েলছ লিমিটেড (টি এ এম এল) নামৰ প্রতিষ্ঠানটোক ১,২৬০টা কম ওজনৰ বুলেটপ্রুফ জেকেট যােগানৰ অৰ্ডাৰ দিয়ে। প্ৰতিটো কম ওজনৰ বুলেটপ্রুফ জেকেট। মূল্য নির্ধাৰণ কৰা হৈছিল ৩০,০৮৯ টকা। প্রতিষ্ঠানটোৱে ২০১২ চনৰ মার্চ মাহতেই নির্ধাৰিতসংখ্যক কম ওজনৰ বুলেটপ্রুফ জেকেট যােগান ধৰে। ইয়াৰ বাবে আবকাৰী শুল্ক-কেন্দ্রীয় সহ প্রতিষ্ঠানটোক ২০১৩ চনৰ মাৰ্চ মাহত আদায় দিয়া হয় ৪.৭৭ কোটি টকা। কিন্তু নির্দিষ্ট নীতি অনুসৰি বুলেটপ্রুফ জেকেট আৰু ইয়াৰ সৈতে সংলগ্ন অন্যান্য সামগ্ৰীৰ ক্ষেত্ৰত আবকাৰী শুল্ক ৰেহাই দিয়া আছে। অৱশ্যে এইক্ষেত্ৰত ক্ৰয় কৰা কর্তৃপক্ষই এখন প্রমাণ-পত্র দিব লাগে। লক্ষণীয়ভাৱে যােগান ধৰা প্রতিষ্ঠানটোৱে দুখন পৃথক পৃথক মূল্য তালিকা দাখিল কৰিছিল। এখনত আবকাৰী শুল্কক বাদ দি প্ৰতিটো কম ওজনৰ বুলেটপ্রুফ জেকেটৰ মূল্য ২৮,৪১১ টকা বুলি উল্লেখ কৰাৰ বিপৰীতে আনখনত আবকাৰী শুল্কসহ ৩০,০৮৯ বুলি উল্লেখ কৰা হৈছিল। তদুপৰি ৰেহাই প্রমাণ পত্র বিচাৰি প্রতিষ্ঠানটোৱে ক্রয় কর্তৃপক্ষৰ সৈতে যােগাযােগাে কৰিছিল। তাৰ পাছতাে আৰক্ষী সঞ্চালকপ্ৰধানে প্রতিষ্ঠানটোক ৪.৭৭ কোটি টাকা আদায় দিয়ে। পৰিণতিত ৬০.১৯ লাখ টাকা অতিৰিক্তভাৱে ব্যয় হৈছিল। এনেধৰণৰ কেলেংকাৰিঅনিয়ম ইতিপূর্বে উন্মােচিত হােৱাৰ বিপৰীতে পুনৰ অসম আৰক্ষীক নিম্নমানৰ বুলেটপ্রুফ জেকেট প্রসংগই জোকাৰি গৈছে। বুলেটপ্রুফ জেকেট পিন্ধি থকাৰ পাছতাে কেনেদৰে বৰড়মচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ শৰীৰত ৯ জাই গুলীৰ আঘাত লাগিল, সেইটো এতিয়া ৰহস্যৰ আৱৰ্তত সােমাই পৰিছে। অবশ্যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ'ব বুলি মন্তব্য কৰে। তিনিচুকীয়াত উপস্থিত হােৱা আৰক্ষী সঞ্চালকপ্রধানজনে সংবাদ মাধ্যমৰ আগত কয় যে একেটা জেকেটত কেইবাটাও গুলীৰ আঘাত লাগিলে বুলেটপ্রুফ জেকেটটো ফাটি যাব পাৰে। অৱশ্যে কিৰণৰ মাৰণাস্ত্র ব্যৱহাৰ কৰিছিল, সেইটোও আমি চাব লাগিব। আমি যি মেগজিন-গুলী পাইছে, সেয়া অত্যাধুনিক বুলিয়েই ধাৰণা কৰা হৈছে। কিন্তু এই তদন্তই সমগ্ৰ বিষয়টো কিদৰে পােহৰলৈ আনিবলৈ সক্ষম হ’ব, সেইটো সময়তহে ক'ব পৰা যাব। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কালি বড়মচা থানাৰ অন্তৰ্গত কুজুপথাৰৰ এঘৰ লােকৰ ঘৰত আলফা (স্বাধীন)ৰ এটা দল আত্মগােপন কৰি থকাৰ তথ্য লাভ কৰি চি আৰ পি এফৰ কোব্রা বাহিনী আৰু কমাণ্ডো বেটেলিয়নক লৈ অভিযান চলাইছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাই। কিন্তু এই অভিযানকালতেই উগ্রপন্থীৰ গুলীৰ আঘাতত প্রাণ ত্যাগ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে। বুলেটপ্রুফ জেকেট পিন্ধি থকাৰ পাছতাে তেওঁৰ বুকু আৰু পেটৰ লগতে শৰীৰৰ বিভিন্ন অংগ ভেদ কৰি যায় ৯টাকৈ গুলীয়ে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে পিন্ধি থকা বুলেটপ্রুফ জেকেটটোৰ টেগত লিখা থকা অনুসৰি, সেইটো ক্ৰয় কৰা হৈছিল পি ই চি নামৰ এটা প্রতিষ্ঠানৰ পৰা। ১০ মিটাৰ দূৰত্বৰ পৰা এ কে-৪৭ৰে গুলীয়ালেও বুলেটপ্রুফ জেকেটটো ভেদ কৰিব নােৱাৰে বুলি একেটা টেগতে লিখা আছে। তেন্তে কিয় ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ বুলেটপ্রুফ জেকেটটো গুলীয়ে ভেদ কৰিলে? এই জেকেটটোও নিম্নমানৰেই আছিল নেকি? —এতিয়া এনেধৰণৰ প্রশ্নই ৰাজ্যবাসীৰ মাজত চৰ্চিত হৈছে। ইফালে, কালি আলফা (স্বাধীন)ৰ দলটোৱে ইজৰাইলত নির্মিত অত্যাধুনিক এক্স-৯৫ ৰাইফলেৰে গুলীওৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে। ইয়াৰ দ্বাৰাই পুনৰ স্পষ্ট হৈছে যে আলফা (স্বাধীন)কে ধৰি ৰাজ্যৰ উগ্রপন্থী সংগঠনসমূহৰ হাতত আছে অত্যাধুনিক প্রযুক্তিসম্পন্ন মাৰণাস্ত্র। | তাৰ বিপৰীতে অসম আৰক্ষীয়ে অত্যাধুনিক বুলিবলৈ একে-৪৭ৰ দৰে অস্ত্ৰৰেহে মােকাবিলা কৰিবলগীয়া হৈছে উগ্রপন্থী।

No comments:

Post a Comment

SPONSORED