ভাৰতীয় দলত নিশাদসহ চাৰিগৰাকীৰ স্থান লাভ
বৰপেটা : জাপানত অহা ১০ মে’ৰ পৰা অনুষ্ঠিত হবলগীয়া জুনিয়ৰ আৰু ২১ বছৰ অনুর্ধ্বৰ এচিয়ান কাৰাটে প্রতিযােগিতাত বৰপেটাৰ নিশাদ আলীয়ে ভাৰতীয় দলত স্থান লাভ কৰাত জিলাখনৰ ক্ৰীড়াপ্রেমীসকলৰ মাজত আনন্দৰ বন্যা কঢ়িয়াই আনিছে।
ৰাজ্যিক আৰু আন্তৰাজ্যিক প্রতিযােগিতাত অৱতীৰ্ণ হৈ ইতিমধ্যে কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হােৱা বৰপেটা চহৰৰ আজাদ নগৰৰ হাচমত আলী আৰু নিলুফাৰ বেগমৰ সন্তান নিশাদে জাপানত অনুষ্ঠিত হবলগা প্রতিযােগিতাখনত পুনৰ পদক দখল কৰি জিলাখনৰ লগতে দেশলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা ব্যক্ত কৰিছে ক্রীড়া প্রেমী ৰাইজে।
উল্লেখ্য যে, অহা ১০ মে’ৰ পৰা ১৩ মেলৈ জাপানৰ অকিনাৱাত অনুষ্ঠিত হবলগীয়া ১৭ সংখ্যক জুনিয়ৰ আৰু ২১ বছৰ অনুর্ধ্বৰ এচিয়ান কাৰাটে প্রতিযােগিতাত বৰপেটাৰ নিশাদ আলীয়ে জুনিয়ৰৰ (-৭৬ কেজি) শাখাত প্রতিদ্বন্দিতা আগবঢ়াব। ভাৰতীয় দলত নিশাদ আলীৰ লগতে যােৰহাট আৰু গুৱাহাটীৰ আন তিনিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। নিশাদ আলীয়ে অহা ৭ মে’ত জাপানলৈ ৰাওনা হব।
No comments:
Post a Comment