তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তালোৱা গাঁৱত শনিবাৰে হস্তনিৰ্মিত এল এম জিসহ এজনক আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এক গোপন সুত্ৰৰ পম খেদি বিটিএডিৰ বাসবাৰীত থকা ভাৰতীয় ডোগ্ৰা ৰেজিমেন্টৰ সেনা আৰু তামাৰহাট থানাৰ আৰক্ষীয়ে তালোৱা গাঁৱত অভিযান চলাই তালোৱা গাঁৱৰ এটা পৰিত্যক্ত গৃহৰ পৰা এটা হস্তনিৰ্মিত এল এম জি উদ্ধাৰ কৰে।
আনহাতে অক্সিগুৰি গাঁৱৰ ৰোহিত দাস ৰায় (৩৫) নামৰ যুৱকজনক উক্ত গাঁৱত দেখি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ কৰি সেনা আৰু আৰক্ষীয়ে পহু খেদা দি হাতীধূৰা গাঁৱৰ পৰা আটক কৰে। আটক কৰা ল’ৰাজনক সেনাই তামাৰহাট থানাত গতাই দিয়ে। বাতৰি লিখা পৰলৈকে লৰাজনৰ পৰা আৰক্ষীয়ে অধিক তথ্য জনাৰ বাবে জেৰা অব্যাহত ৰাখিছে।
No comments:
Post a Comment