বাক্সাৰ কুমাৰীকাটাত বিটিচি চৰকাৰ আৰু বন বিভাগৰ অধিনত ভূমিৰ পাট্টা প্ৰদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

বাক্সাৰ কুমাৰীকাটাত বিটিচি চৰকাৰ আৰু বন বিভাগৰ অধিনত ভূমিৰ পাট্টা প্ৰদান

তামুলপুৰ : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ অন্তৰ্গত কুমাৰীকাটাৰ গনেশগুৰীত বিটিচি চৰকাৰ আৰু বন বিভাগৰ সজন্যত বনাঞ্চলত বসবাস কৰা লোক সকলক ভূমিৰ পাট্টা প্ৰদান কৰে।
১৯৮৯ চনত নাগালেণ্ডৰ পৰা পলাই আহি যিসকল লোকে ভাৰত ভূটান সীমান্তৰ বগাজুলী, গনেশগুৰী,আমলগুৰী,নাগাবষ্টিত আদি অঞ্চলত বসবাস কৰি আছে তেওলোকৰে প্ৰায় ৬৩ গৰাকী লোকক আজি বিটিচিৰ অধিনত দ্বিতীয় পৰ্যায়ৰ মাটিৰ পাট্টা প্ৰদান কৰে।
সভাত বিটিচিৰ উপ মূখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে জানিব দিয়ে যে ফৰেষ্ট লেণ্ড ৰাইট এক্ট মতে ২০০৬ ৰ অধিনত জনজাতীয় লোকসকলৰ বাহিৰে অন্য সম্প্ৰদায়ৰ লোকসকলেও তৃতীয় প্ৰজন্মলৈকে বসবাস কৰি থকাসকলে মাটিৰ পাট্টা পাব বুলি কয়। যদিও চৰকাৰী নিয়ম অনুসৰি ত্ৰিশ বছৰৰ মূৰে মূৰে জৰীপ হ’ব লাগে তথাপিও কিন্তু সমগ্ৰ অসমতে আজি ৭০ বছৰ পাৰ হয় গল এতিয়া লৈকে মাটিৰ জৰীপ কৰা হোৱা নাই বুলি কয়।
সভাত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে— মানাহ অভয়াৰণ্যক কোনো বহিৰাগত বা ব্যক্তিগত কোম্পানীৰ হাতত অৰ্পণ কৰাৰ কথা আলোচনা হোৱা নাই ৷
আনহাতে বিগত বৰ্ষ সমূহত হাতীৰ আক্ৰমণত মৃত্যু হোৱা ২০১৬ বৰ্ষৰ এক লাখ আৰু ২০১৭ মৃত্যু বৰণ কৰা লোকসকলক চাৰি লাখকৈ টকাৰ একালীন সাহায্যৰে আজি সৰ্বমুঠ ১৫ গৰাকী লোকক চেক প্ৰদান কৰাৰ লগতে লগতে ঘৰ আৰু শস্যৰ পথাৰ খতি গ্ৰস্থ পৰিয়ালকো ক্ষতিপূৰণ প্ৰদান কৰে।
আজিৰ সভাখন পৰিচালনা কৰে স্থানীয় বিধায়ক ইমানুল মুছাহাৰীয়ে। সভাত উপস্থিত থাকে শুক্লাই ছেৰফাং সমষ্টিৰ এম চি এল এ গনেশ কছাৰী, দৰঙাজুলি সমষ্টিৰ এম,চি,এল,এ বিজিৎ গোৰা নাৰ্জাৰী,তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীৰ লগতে বন বিভাগৰ লোকসকল উপস্থিত থাকে।


No comments:

Post a Comment

SPONSORED