অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলৰ নৃত্যত মুখৰিত কোকৰাঝাৰ
কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় পথাৰত শনিবাৰৰ পৰা আৰম্ভ হয় দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বৈশাগু বাৰদৈ চিখলা উৎসৱ৷ বিটিচি প্ৰশাসনৰ উদ্যোগত উদযাপিত বৈশাগু বৰদৈ চিখলা উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু, বৈশাগু নৃত্যৰ প্ৰতিযোগিতা আয়োজিত কৰা হয়৷
অসমৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ ডেকা-গাভৰুসকলে জাতীয় সাজ-পাৰ পিন্ধি বৈশাগু নৃত্য, অসমীয়াৰ বিহু নৃত্য, ৰাভা, গাড়ো , মিচিং আদি জনগোষ্ঠীৰ লোকসকলে নিজ নিজ জাতীয় সাজ-পাৰ পিন্ধি নৃত্যৰ প্ৰতিযোগিতাত সাংস্কৃতিক প্ৰদৰ্শন কৰে।
বড়োসকলৰ খাম, শিফুং, ঢোল, পেঁপা, গগণা আদি বাদ্যযন্ত্ৰ বজাই বিহু, বৈশাগুৰ গীতৰ তালে-তালে ককাঁল ভাঙি হেপাঁহ পুলৱাই নাচি সকলো বিহুবলিয়া ৰাইজক আপ্লুত কৰে। মুঠতে বিভিন্ন বিহুৰ বাদ্যযন্ত্ৰৰ সংগীত আৰু গীতেৰে মুখৰিত হৈ পৰে কোকৰাঝাৰ বডোফা নগৰস্থিত "বৈশাগী - বাৰ্দৈ শিখলা উৎসৱ’’ৰ বাকৰি।
অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে কয় যে— বিভিন্ন জাতি জনগোষ্ঠীক লৈ বিটিচি প্ৰশাসনৰ উদ্যোগত বৈশাগু বাৰদৈ চিখলা উৎসৱৰ জৰিয়তে শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা যাব বুলি সংবাদ মাধ্যমৰ আগত জনায়।
উল্লেখযোগ্য যে কাইলৈ অন্তিম দিনা ৰঙীন সাংস্কৃতিক অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতিৰ পৰমানন্দ ৰাজবংশী আৰু আছুৰ মুখ্য উপদেষ্টা সমূজ্জল ভট্টাচাৰ্যই আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰিব।
No comments:
Post a Comment