মৰা পাগলদিয়াৰ ১৮ কোট‌ি টকীয়া মথাউৰি ৪ বছৰে সম্পূৰ্ণ নহ’ল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 05, 2018

মৰা পাগলদিয়াৰ ১৮ কোট‌ি টকীয়া মথাউৰি ৪ বছৰে সম্পূৰ্ণ নহ’ল

নলবাৰী : জলসম্পদ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী, ঠিকাদাৰৰ মইমতালিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ মথাউৰিৰ দৰে নলবাৰী জিলাৰ বৰমা সমষ্টিৰ অন্তৰ্গত টিহুৰ নাম বৰভাগত মৰা পাগলদিয়া নদীৰ ভগ্ন মথাউৰি বিগত চাৰি বছৰে সম্পূৰ্ণ নোহোৱাত নদীৰ দুয়োপাৰ আজিও উন্মুক্ত হৈয়ে থাকিল।
সম্প্ৰতি এপ্ৰিল মাহৰ পৰাই সঘনাই বৰষুণ পৰিবলৈ আৰম্ভ কৰাত অঞ্চলটোৰ সুৰাদী, পামৈপাৰা, ৰতনপুৰ, বালি, দহকাউনিয়া, গোবৰাদল, বকুৱাজাৰী, বৰভাগজাৰী, ষাঠিকুছি, শিয়ালমাৰী, উত্তৰবালি, নাকেৰবাৰী, হাৰিভাঙা, বৰপীত, পখুৰা, লখোপুৰ, সন্ধেলী, মাকৰাপাৰ, গড়বেৰ, কৈহাটীপাৰা আদি গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে। কাৰণ প্ৰতি বছৰে নৈখনৰ বাঢ়নীপানীৰ কোবাল সোঁতে দাঁতিকাষৰীয়া গাঁওসমূহৰ কৃষিভূমি, গৰু-ছাগলী-গাহৰি, হাঁহ-কুকুৰা, ঘৰ-দুৱাৰ আদিৰ ব্যাপক ক্ষতি কৰাৰ উপৰি মানুহৰ জীৱনলৈও ভাবুকিৰ সৃষ্টি কৰি আহিছে।
প্ৰতি বাৰিষাতে এই বৃহত অঞ্চলটোৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰে।সেয়ে ৰাইজে দীৰ্ঘদিন ধৰি মথাউৰিসমূহ পুনৰ নিৰ্মাণৰ বাবে আৱেদন-নিৱেদন ,দাবী উত্থাপন কৰি আহিছে। ৰাইজৰ বাৰম্বাৰ দাবীত চাৰি বছৰ পূৰ্বে অসমৰ জল সম্পদ বিভাগে উক্ত মথাউৰি নিৰ্মাণৰ বাবে ১৮ কোটি টকাৰ আবন্টন দি বিভাগীয় নিয়ম অনুযায়ী ঠিকাদাৰক দায়িত্ব দিয়ে।
প্ৰথম দুসপ্তাহমান নৈখনৰ দুয়োপাৰৰ হাবি, গছ-গছনি কাটি ডাম্পাৰ, ট্ৰেক্টৰ আদিৰে ধামধুম মাটি পেলাই কাম আৰম্ভ কৰিছিল। কিন্তু লাহে লাহে মথাউৰি নিৰ্মাণৰ কাম মন্হৰ হৈ আহি প্ৰায় স্থবিৰ হৈ পৰিল। ফলত চাৰি বছৰত পঞ্চাশ শতাংশ কামো সম্পূৰ্ণ নহ’ল।
মথাউৰিৰ ছিগা অংশৰে বছৰে বছৰে বানপানী সোমাই বিভিন্ন ঠাইত তাণ্ডৱ চলাই আছে। মাজতে বিভাগীয়ভাৱে কেইডালমান বাঁহেৰে গড় বান্ধি মাটি ভৰোৱা বস্তা জাপি দিয়েই দায়িত্ব সামৰিলে। সেয়ে মথাউৰিৰ ভগ্ন অংশক লৈ চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।
শেহতীয়াভাৱে চলিত বৰ্ষৰ প্ৰথমতে মুখ্যমন্ত্রী সোণোৱালে ৩০ এপ্ৰিলৰ ভিতৰত মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰাৰ '‘চূড়ান্ত সময়সীমা’' বান্ধি দিয়াত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছিল। কিন্তু সেয়াও ফুটুকাৰ ফেনহে হ’ল। কাৰণ উক্ত মৰা পাগলদিয়াৰ মথাউৰিৰ বিভিন্ন অংশত এচপৰা মাটিও নপৰিল। কিছু অংশত কামেই আৰম্ভ নহ’ল। কোনো কোনো অংশত কামৰ নামত আভুৱা ভাঁৰিলে। নলবাৰী জল সম্পদ বিভাগৰ চৰম দায়িত্বহীনতাৰ সুযোগ ল’লে একাংশ বিভাগীয় ঠিকাদাৰে।
ইফালে বাৰিষা অহাৰ লগে লগে আগন্তুক নিশ্চিত প্ৰায় বানৰ চিন্তাত নিদ্ৰাহৰণ হৈছে ৰাইজৰ। অঞ্চলবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি গুৰুত্ব নিদিয়া একাংশ জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু সংশ্লিষ্ট ঠিকাদাৰৰ বিপক্ষে অঞ্চলবাসী ৰাইজ সৰৱ হৈ উঠিছে। ৰাইজে অসমৰ মুখ্যমন্ত্রী আৰু জলসম্পদ মন্ত্রীক নামবৰভাগবাসীৰ ভেটি-মাটি বানৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু মৰা পাগলদিয়াৰ মথাউৰি নিৰ্মাণত হেমাহি কৰা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ বিহিত ব্যৱস্হা গ্ৰহণৰ দাবী জনাইছে ৷



No comments:

Post a Comment

SPONSORED