ম’বাইলত অসমীয়াত লিখা সকললৈ মৃদুল কুমাৰ শৰ্মাৰ ‘লাচিত পেড’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

ম’বাইলত অসমীয়াত লিখা সকললৈ মৃদুল কুমাৰ শৰ্মাৰ ‘লাচিত পেড’

গুৱাহাটী : ম’বাইলত অসমীয়াত লিখা-মেলা কৰা লেখকসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰঙিয়াৰ যুৱক মৃদুল কুমাৰ শৰ্মাই৷ ম’বাইলত লিখা-মেলা কৰা সকলৰ অতি কামত আহিব পৰা ‘লাচিত পেড’ৰ আজি মুকল‌ি কৰি দিয়া হৈছে৷ উল্লেখ্য যে আজি-কালি যথেষ্ট সংখ্যক লোকে ম’বাইলতে গল্প, প্ৰবন্ধ আদি লিখে৷ কিন্তু বিভিন্ন কাৰণত লেখাবোৰত বানান, যতিচিহ্ন আদিৰ ভুল থাকি যায়৷ ম’বাইলত অসমীয়া বৰ্ণাশুদ্ধি নিবাৰক ছফটৱেৰৰ অভাৱৰ বাবে লিখনিবোৰত ভুল থাকিয়েই যায় আৰু ইয়ে পঢ়ুৱৈক বিতুষ্ট কৰি তোলে৷
এনে অসুবিধা আঁতৰ কৰিবলৈ ৰঙিয়াৰ শিক্ষিত যুৱক মৃদুল কুমাৰ শৰ্মাই প্ৰস্তুত কৰি উলিয়াইছে লাচিত পেড ৷ ই এক ন’টপেডৰ দৰে আহিলা, য’ত লিখি উঠি বুটাম এটা টিপিলেই যতিচিহ্নৰ বেমেজালি, সততে হোৱা বানান ভুল আদি মুহূৰ্ততে দূৰ হৈ যায় আৰু সেই লিখনিৰ প্ৰতিলিপি অইন ঠাইত বহুৱাই প্ৰকাশ কৰিব পাৰি৷ নতুবা অইন ঠাইত যেনে, ফে’চবুক আদিত লিখি উঠি লিখাখিনি লাচিত পেডত আনি শুধৰাই ল’ব পাৰি ৷ উল্লেখ্য যে ,তিনি বছৰ পূৰ্বে শিক্ষিত যুৱক মৃদুল কুমাৰ শৰ্মাই আগতে লাচিত কীব’ৰ্ড এখনো উলিয়াইছিল ৷
এই আহিলাটি ম’বাইলৰ ব্ৰাউজাৰত lachitpad.mridulkumar.com লিংকটি খুলি ব্যৱহাৰ কৰিব পৰা হ’ব৷ উল্লেখযোগ্য যে, লেপটপ বা ডেস্কটপ কম্পিউটাৰৰ ব্ৰাউজাৰতো এই লিংকটি খুলি লাচিত পেড ব্যৱহাৰ কৰিব পৰা হ’ব৷
এণ্ড্ৰইড ম’বাইল ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এই আহিলাটিৰ এপ্‌ছ এটা সাজি গুগল প্লে’ ষ্ট’ৰত দিয়া হৈছে৷ প্লে’ ষ্ট’ৰত Lachit Pad বুলি সন্ধান কৰিলেই এপছটো ডাউনল’ড কৰিব পাৰিব৷
লাচিত পেডে কি কাম কৰেঃ

ই চফা কৰেঃ বাংলা র; ঢ়,ড়,য় লিখাৰ পুৰণি পদ্ধতি; যতিচিহ্নৰ ভুল, দুটা শব্দৰ মাজত দিয়া দুটা বা তিনিটা ব্যৱধান; নিৰ্দেশাত্মক প্ৰত্যয়৷

ই শুদ্ধ কৰেঃ ণত্ব বিধি; ষত্ব বিধিৰ উলংঘন; খাপচাৰা যুক্তাক্ষৰ; খাপচাৰা চন্দ্ৰবিন্দু; ৬৮০ ৰো অধিক সাধাৰণতে ভুল হোৱা শব্দ৷

পৰৱৰ্তী পৰ্যায়ত লাচিত পেডক উন্নত কৰি যোৱা হ’ব যাতে আৰু বেছি ভুল শব্দ শুধৰাব পাৰি৷

লাচিত পেড সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হৈছে বুলিও পেডটো প্ৰস্তুত কৰা মৃদুল কুমাৰ শৰ্মাই প্ৰকাশ কৰিছে ৷ লগতে ৰাইজে পেডটো ব্যৱহাৰ কৰি মতামত দিবৰ বাবেও আহ্বান জনাইছে ৷ শৰ্মাক লাচিত পেড সাজি উলিওৱাত বিশেষভাৱে সহায় কৰিলে বিতোপন দাস আৰু ত্ৰিদীপ দাসে ৷ এপটিৰ ধুনীয়া ল’গ’ এটা সাজিছে ৰিতুপৰ্ণ বৰাই আৰু স্প্লেচ স্ক্ৰীন সাজি দিছে জ্যোতিৰূপম দত্তই৷

No comments:

Post a Comment

SPONSORED