‘নেষ্টলে’ৰ ‘কিটকেট’ত মাজুলী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 5, 2018

‘নেষ্টলে’ৰ ‘কিটকেট’ত মাজুলী

ৱেব সংবাদ : ছুইজাৰলেণ্ডৰ কোম্পানী ‘নেষ্টলে’ৰ (NESTLE)ৰ এটি জনপ্ৰিয় চকলেট ‘কিটকেট’ত (KITKAT) বিশ্বৰ বৃহত্তম নদীদ্বীপ, সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, এটকা মহন্তৰ স্থান, শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগস্থল মাজুলীৰ নাম প্ৰকাশ পাইছে।
‘কিটকেট’ৰ নতুন বিজ্ঞাপন অভিযান mytravelbreak অনুস‌ৰি বিভিন্ন ঠাইৰ লগতে মাজুলীৰ ‘পিকচাৰ প’ষ্টকাৰ্ড’ ‘কিটকেট’ৰ পেকেটত মুদ্ৰিত হোৱাত এতিয়া মাজুলীবাসী আনন্দিত হৈ পৰিছে। পোন প্ৰথমবাৰৰ বাবে ফে’চবুকৰ এটি জনপ্ৰিয় পৃষ্ঠা 'পেৰাগন লাইভ' যোগে এই কথা প্ৰকাশ পোৱাৰ পাছতেই সমগ্ৰ অসমৰ লগতে মাজুলীবাসী বিশেষভাৱে উত্‍সাহিত হৈ পৰিছে।
অসমৰ লগতে মাজুলীৰ বিভিন্নজনে এই প্ৰতিবেদকৰ আগত এই সম্পৰ্কে বিভিন্ন মন্তব্য ব্যক্ত কৰিছে। যোগাত্মক দিশটে হ’ল যে ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ ওচৰত মাজুলীক চিনাকী কৰি দিয়া হৈছে, কিয়নো মাজুলী সম্পৰ্কে এতিয়াও বহু মানুহ জ্ঞাত নহয়। তদুপৰি মাজুলীৰ পৰ্যটনৰ ক্ষেত্ৰ এই বিজ্ঞাপনৰ পাছত যথেষ্ট উপকৃত হ’ব বুলি বহুজনে মন্তব্য প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ‘কিটকেট’ৰ এই mytravelbreak বিজ্ঞাপন অভিযানত মাজুলীৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নামো অন্তৰ্ভুক্ত হৈছে।

No comments:

Post a Comment

SPONSORED