মুম্বাইঃ টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীৰ পৰামর্শ অনুসৰিয়ে চলিত বৰ্ষৰ শেষৰ ফালে এডিলেইডত ভাৰতৰ সৈতে দিবা-নৈশ টেষ্ট খেলিবলৈ ক্রিকেট অষ্ট্রেলিয়াই আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰিছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে। বি চি চি আইৰ ক্রিকেট প্রশাসক কমিটীৰ সন্মুখত তেওঁ স্পষ্টভারে উল্লেখ কৰিছিল যে দিবা-নৈশ টেষ্টৰ বাবে ভাৰত এতিয়াই সাজু হােৱা নাই। নৈশলােকত টেষ্ট খেলিবলৈ প্ৰস্তুতিৰ বাবে তেওঁলােকক ১২ পৰা ১৮ মাহৰ প্রয়ােজন হ’ব বুলিও শাস্ত্রীয়ে জনায়। ২০১৯ জুনৰ পৰা কাৰ্যকৰী হ'বলগীয়া আই চি চিৰ প্রস্তাৱিত টেষ্ট চেম্পিয়নশ্বিপত পৰৱর্তী চাৰি বছৰৰ বাবে দিবা-নৈশ অথবা গুলপীয়া বল টেষ্টত অন্তর্ভুক্ত নােহােৱাৰ প্রতি লক্ষ্য ৰাখি টীম। ইণ্ডিয়াৰ প্ৰশিক্ষকগৰাকীয়ে এই মুহূর্তত দিবা-নৈশ টেষ্টক লৈ মনােনিৱেশ কৰিব নিবিচাৰে। যােৱা মাহত শাস্ত্রীৰ এই মতামত লাভৰ পাছতে বি চি চি আয়ে অষ্ট্রেলিয়া ভ্ৰমণত ভাৰতে দিবা-নৈশ টেষ্ট নেখেলাৰ কথা বিবেচনা কৰে। প্রশাসক কমিটীৰ মুৰব্বী বিনােদ ৰায়ে এই সন্দৰ্ভত ক্রিকেট অস্ট্রেলিয়াক কৈছিল যে ভাৰত দিবা-নৈশ টেষ্টৰ বাবে সাজু নহয়। মুখ্য প্রশিক্ষকৰ লগতে দলীয় মেনেজমেণ্টৰ সৈতে আলােচনাৰ অন্তত তেওঁলােকে এই সিদ্ধান্তত উপনীত হােৱা বুলি ৰায়ে প্রকাশ কৰিছিল। তেওঁলােকে সম্প্রতি ঘৰুৱা প্রতিযােগিতা দুলীপ ট্ৰফীতহে গুলপীয়া বল পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিছে। উল্লেখ্য যে গুলপীয়া বলৰ জনপ্রিয়তাৰ কথা দোহাই দি ক্রিকেট অষ্ট্রেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জেমছ ছাডাৰলেণ্ড শীর্ষ ৰেংকিংপ্রাপ্ত ভাৰতৰ সৈতে প্ৰথমখন টেষ্ট দিবা-নৈশভাৱে আয়ােজনৰ পৰিকল্পনা কৰিছিল। কিন্তু বি চি চি আয়ে দেশখনৰ ক্রিকেট ব'ৰ্ডৰ এই প্রস্তাৱ নাকচ কৰাত অসন্তুষ্ট হৈ পৰিছে ছাডাৰলেণ্ড। অষ্ট্রেলিয়া ভ্ৰমণৰ প্ৰথমখন টেষ্টতে ভাৰতে পৰাজয়ৰ সন্মুখীন হ’ব নিবিচাৰে বাবেই বি চি চি আয়ে দিবা-নৈশ টেষ্টৰ প্ৰস্তাৱ নাকচ কৰা বুলি তেওঁ উল্লেখ কৰিছিল। মনকৰিবলগীয়া যে অষ্ট্রেলিয়াৰ ভূমিত এইপর্যন্ত খেলা তিনিওখন দিবা-নৈশ টেষ্টত ঘৰুৱা দলটোৱে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ভাৰতকে ধৰি বিশ্বৰ আন কেইবাখনাে দেশে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুলপীয়া বলৰ মেচ খেলাৰ পৰা বিৰত আছে। বি চি চি আয়ে চলিত বৰ্ষৰ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিবা-নৈশ টেষ্ট আয়ােজনৰ পৰিকল্পনা ৰচিছিল যদিও প্রশাসক কমিটীৰ মুৰববী বিনােদ ৰায়ে এই প্রস্তাৱ পােনছাটেই নাকচ কৰিছিল। এই পৰিকল্পনাৰ অংশস্বৰূপে বিগত ঘৰুৱা ছিজনত বি চি চি আয়ে আনকি দুলীপ টুফীৰ মেচখন দিবানৈশকৈ গুলপীয়া বলেৰে আয়ােজন কৰিছিল।
Responsive Ads Here
Saturday, May 05, 2018

দিবা নৈশ টেষ্টলৈ সাজু নহয় ভাৰতঃ শাস্ত্রী
Tags
# ক্ৰীড়া
Share This

About Sangbad Prahari
ক্ৰীড়া
Labels:
ক্ৰীড়া
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment