টপাৰ ৰক্তিম ভুএক সম্বর্ধনা মুখ্যমন্ত্ৰীৰ : মুক-বধিৰ শিক্ষার্থীলৈ সমাজ কল্যাণ মন্ত্ৰীৰ সম্বর্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 28, 2018

টপাৰ ৰক্তিম ভুএক সম্বর্ধনা মুখ্যমন্ত্ৰীৰ : মুক-বধিৰ শিক্ষার্থীলৈ সমাজ কল্যাণ মন্ত্ৰীৰ সম্বর্ধনা

গুৱাহাটী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রী কার্যালয় কক্ষত ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীর্ষস্থান লাভ কৰা ৰক্তিম ভূঞাক সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে শােণিপুৰ জিলাৰ তেজপুৰস্থিত মুনলিট হাইস্কুলৰ পৰা এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৰক্তিম ভূঞাই সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি শীর্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্রীয়ে মেধাৱী ছাত্র গৰাকীক এখন ফুলাম গামােচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰি তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰে।
মুখ্যমন্ত্ৰীয়ে ছাত্র গৰাকীৰ এই কৃতকার্যতাৰ শলাগ লােৱাৰ উপৰি অধিক অধ্যাৱসায় আৰু কষ্টসহিষ্ণুতাৰে আগন্তুক পৰীক্ষা সমূহতাে এই কৃতকার্যতাৰ ধাৰা অব্যাহত ৰখাৰ বাবে প্রতিযােগিতামুখী মনােভাৱেৰে অধ্যয়নত আত্মনিয়ােগ কৰিবলৈ উপদেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে ৰক্তিম ভূঞাৰ পিতৃ-মাতৃ ক্রমে ভাৰত ভূঞা আৰু বেবী ভূঞাক প্রশংসা কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰাে শলাগ লয়। মুখ্যমন্ত্ৰীয়ে ছাত্র গৰাকীক ১ লাখ টকাৰ এখন চেকো প্রদান কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ মুক-বধিৰ শিক্ষার্থীলৈ সমাজ কল্যাণ মন্ত্ৰী প্রমীলাৰাণী ব্ৰহ্মৰ সম্বর্ধনা

সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্ৰহ্মই সোমবাৰে চৰকাৰী ভাউৰী দেৱী চেৰাউগী মূক-বধিৰ বিদ্যালয়ত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা উত্তীর্ণ হােৱা ছাত্ৰ-ছাত্ৰীসকললৈ সম্বৰ্ধনা জ্ঞাপন কৰে। বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হােৱা ৩১ গৰাকী ছাত্রছাত্রীৰ মাজৰ ১৪ গৰাকীয়ে প্রথম বিভাগ, ১৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২ গৰাকীয়ে তৃতীয় বিভাগত উত্তীর্ণ হয়। উল্লেখযােগ্য যে বিদ্যালয়খনৰ ছাত্ৰ মাধুৰ্য বৰগােহাঁয়ে ৰাজ্যখনৰ ভিতৰতে টেক্সটাইল ডিজাইনিং বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰিছে।
মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয় যে ছাত্র-ছাত্রীসকলৰ এই সফলতাত তেওঁ অত্যন্ত আনন্দিত হৈছে। আনহাতে এইসকল ছাত্র-ছাত্ৰীয়ে যাতে উচ্চ শিক্ষা গ্রহণৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বর্তমান চৰকাৰে প্রচেষ্টা হাতত লৈছে। গুৱাহাটীত দিব্যাংগসকলৰ বাবে স্থাপন কৰা মহাবিদ্যালয়লৈ চৰকাৰে ইতিমধ্যে ৩ কোটি ৫০ লাখ টকাৰ অনুদান মঞ্জুৰ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। দিব্যাংগসকল যাতে শিক্ষা আৰু কাৰিকৰী দিশত আগবাঢ়ি যাব পাৰে তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ তেওঁ শিক্ষকসকললৈ আহ্বান জনায়।
অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক গামােচা আৰু মিঠাইৰ টোপােলা আগবঢ়োৱাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলকো সম্বর্ধনা জনােৱা হয়। অনুষ্ঠানটোত সমাজ কল্যাণ বিভাগৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED