দৰিদ্ৰতা নেওচি উজলিল উম্মে কুলচুম : ফলাফলৰ তিনিদিন পিছতো কাষত নাই পিতৃ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 28, 2018

দৰিদ্ৰতা নেওচি উজলিল উম্মে কুলচুম : ফলাফলৰ তিনিদিন পিছতো কাষত নাই পিতৃ

আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ মন উম্মে কুলচুমৰ

তামাৰহাট : মনৰ দৃঢ়তা আৰু একাগ্ৰতা থাকিলে আৰ্থিক দৈন্য কেতিয়াও ফলাফলৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হব নোৱাৰে। এই কথা প্ৰতিপন্ন কৰিলে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাঙ্গা গাঁওৰ তথা কামানডাঙ্গা হাই মাদ্ৰাছাৰ মেধাবী ছাত্ৰী উম্মে কুলচুমে৷ উম্মে কুলচুমে ৮৪ শতাংশ নম্বৰ পাই বিদ্যালয়খনৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
বিভিন্ন সমস্যাৰ মাজতো এনে উচ্চ মানৰ ফলাফল কৰাত বিদ্যালয় তথা পৰিয়ালৰ মাজত এক আনন্দময় পৰিবেশৰ বিৰাজ কৰি আছে যদিও মেধাবী ছাত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে তাইৰ মনত বহুত দুখ। কাৰণ ফলাফলৰ খবৰ পোৱাৰ তিনিদিন পাছতো ছাত্ৰীগৰাকীয়ে কাষত পোৱা নাই পিতৃক। পিতৃ আব্দুল কালাম মিঞাই কৰ্মৰ সন্ধানত আছে ঘৰৰ পৰা বহুত দূৰত।
উপায়হীন, কিয়নো পিতৃয়ে উপাৰ্জন কৰা টকাৰে চলে পৰিয়ালটো। পিতৃয়ে দিন হাজিৰ নকৰিলে পৰিয়াল নচলে। সেই বাবে পিতৃয়ে থাকিব লগা হৈয়ে বাহিৰত। এনে এক দৰিদ্ৰতাৰ মাজতো উজলিবলৈ সক্ষম হৈছে উম্মে কুলচুমে। তাইৰ আশা এজনী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ। এক সাক্ষাৎ কাৰত তাই উল্লেখ কৰি কয় যে, মই এজনী দুখীয়া ঘৰৰ ছোৱালী। মাক-দেউতাকে বহু কষ্ট কৰি মোৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল। সেয়েহে মই এজনী ভাল শিক্ষয়িত্ৰী হৈ দৰিদ্ৰতাৰ বাবে লিখা পঢ়াৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰীক পাঠদান দিম। উল্লেখ্য যে দৰিদ্ৰ ঘৰৰ মেধাবী ছাত্ৰী গৰাকীৰ এনে মনৰ ভাৱক সকলোৱে সন্মান জনাইছে।

ঐতিহ্যমণ্ডিত বৰপেটাৰ বাউসী অঞ্চললৈ সাফল্য কঢ়িয়ালে দুই কৃতীমানে

বৰপেটা : সদ্য ঘােষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা জিলাৰ বাউসী অঞ্চলৰ দুগৰাকী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা এই ছাত্ৰ দুগৰাকী হৈছে বিষ্ণুপুৰ গাঁৱৰ ব্ৰজেন দাসৰ পুত্ৰ ধ্ৰুৱজ্যোতি দাস আৰু সুহা গাঁৱৰ মুনীন্দ্র তালুকদাৰৰ পুত্ৰ সৌৰভ তালুকদাৰ।
শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰবিলাৰ ছাত্ৰ ধ্ৰুৱজ্যোতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমীয়াত ৯৫, ইংৰাজীত ৯৫, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৮৭, ঐচ্ছিক গণিতত ১০০ নম্বৰসহ সৰ্বমুঠ ৫৭৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
দিন হাজিৰা কৰি বাউসী অঞ্চলৰ বিষ্ণুপুৰ গাঁৱৰ টেম্প’ চালক ব্রজেন দাসে নিজৰ পুত্র ধ্ৰুৱজ্যোতিক পঢ়াৰ খৰচ বহন কৰিছিল। আর্থিক দিশত যথেষ্ট কষ্টৰ সন্মুখীন হলেও নিজৰ লক্ষ্য প্রাপ্তিৰ বাবে অহৰহ অধ্যয়ন কৰি গৈছিল ধ্ৰুৱজ্যোতিয়ে। ৯৬.১৭ শতাংশ নম্বৰেৰে উত্তীর্ণ হােৱা ধ্রুৱজ্যোতি এনে সাফল্যত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ শিক্ষাসদী মহলৰ মাজত আনন্দৰ সৃষ্টি কৰিছে।
একেদৰে বাউসী অঞ্চলৰ পালহাজী আজাদ আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আন এজন ছাত্র সৌৰভ তালুকদাৰ। সৌৰভ তালুকদাৰে অসমীয়াত ৯২, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৮, ঐচ্ছিক গণিতত ১০০, বিজ্ঞানত ১০০ আৰু সমাজ বিজ্ঞানত ৯৪ সহ সৰ্বমুঠ ৫৮১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সুহা হাইস্কুলৰ বিষয় শিক্ষক গুণীন্দ্র তালুকদাৰ আৰু কবিতা তালুকদাৰৰ পুত্ৰ সৌৰভৰ এনে সাফল্যত বিদ্যালয়খনৰ লগতে অঞ্চলটোত আনন্দৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, আজাদ আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৪ গৰাকীয়ে ষ্টাৰমার্ক, ৭ গৰাকীয়ে প্রথম বিভাগত উত্তীর্ণ হয়।

No comments:

Post a Comment

SPONSORED