২৯-৩০ মে’ত জামুগুৰীত বায়খো উৎসৱ উদযাপন আৰু তৃতীয় বাৰ্ষিক ৰাভা আৰ্টিষ্ট ফৰামৰ গেট টুগেদাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 28, 2018

২৯-৩০ মে’ত জামুগুৰীত বায়খো উৎসৱ উদযাপন আৰু তৃতীয় বাৰ্ষিক ৰাভা আৰ্টিষ্ট ফৰামৰ গেট টুগেদাৰ

তামুলপুৰ : বায়খো উৎসৱ কৃষিজীৱি ৰাভা জনগোষ্ঠী লোকসকলৰ অন্যতম উৎসৱ আৰু জেঠ মাহৰ পূৰ্ণিমা তিথিত উৎসৱত আয়োজন কৰা হয়। এইবেলি উত্তৰ পশ্চিম তামুলপুৰ ৰাভা সমাজৰ উদ্যোগত প্ৰথম বাৰ্ষিক বায়খো উৎসৱৰ বাবে অহা ২৯ আৰু ৩০ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে ২নংজামুগুৰীত উদযাপনৰ পূৰ্ণ প্ৰস্তুতি তুঙ্গত কৰিছে।
প্ৰথম দিনাৰ কাৰ্য্যসূচী মৰ্মে ৭ বজাত পূজা স্থাপন। ১১ বজাত ‘বায়খো পূজাৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ এক বিশ্লেষণাত্মক অধ্যয়ন’ শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকিব ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা দেৱে। আবেলি ৪ বজাত লেৱাটনা খেল মুকলি কৰিব কচুগাঁও পৰিষদীয় সমষ্টিৰ এম,চি,এল,এ বনমালী ৰাভাই। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰিব স্থানীয় শিক্ষক আৰু সমাজকৰ্মীসকলে। ৭ বজাত খোকচি নৃত্য (জুই ওপৰত কৰা নৃত্য) প্ৰদৰ্শন কৰিব গোৱালপাৰাৰ পৰা আমন্ত্ৰিত নৃত্য দলে।
৩০ মে’ৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বায়খো উৎসৱ উদযাপন সমিতিৰ সভাপতি বীৰেণ ৰাভাই। ১১ বজাত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। আবেলি ৩ বজাত ৰাভা আৰ্টিষ্ট ফৰামৰ তৃতীয় বাৰ্ষিক গেট টুগেদাৰ মুকলি অন্তৰংগ আলাপ অনুষ্ঠানৰ সঞ্চালন কৰিব অসমীয়া বোলছবি পৰিচালক অৰূপজ্যোতি ৰাভাই। সন্ধিয়া ৬ বজাত সন্মিলিত ৰাভা কলা কুশলীৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব ২৬ নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এল,চি,এল,এ বিজিৎ গোৰা নাৰ্জাৰীয়ে।


No comments:

Post a Comment

SPONSORED