লাহৰীঘাটৰ পঞ্চায়ত সমূহত ইন্টাৰনেট সংযোগ স্থাপন কামৰ শুভাৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

লাহৰীঘাটৰ পঞ্চায়ত সমূহত ইন্টাৰনেট সংযোগ স্থাপন কামৰ শুভাৰম্ভ

লাহৰীঘাট : পঞ্চায়ত সমূহত ইন্টাৰনেট সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসমৰ একাংশ পঞ্চায়তত ইন্টাৰনেট সংযোগ কৰাৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ পঞ্চায়ত সমূহতো সংযোগ স্থাপনৰ কাম আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। বিগত কেইবামাহ ধৰি পঞ্চায়ত চৌহদত ইন্টাৰনেট সংযোগী পাইপসমূহ পৰিত্যক্ত অৱস্থাত পৰিলক্ষিত হৈছে যদিও সম্প্ৰতি একাংশ পঞ্চায়তত ইন্টাৰনেট সংযোগ স্থাপনাৰ্থে নলা খন্দা কামৰ শুভাৰম্ভ ঘটে। অৱশ্যে নলা খননকাৰ্য অতি লেহেমীয়া গতিত চলি আছে বুলি জানিব পৰা গৈছে। পাচঁ ফুট দকৈ খনন কৰি থকা নলীটো ৰজাগাধোৱা গাওঁ পঞ্চায়তত বগলীপৰাস্থিত পঞ্চায়ত কাৰ্য্যালয়ৰ সমীপৰ পৰা মৰিগাঁও চহৰৰ দিশে খনন কাৰ্য্য অব্যাহত থকা দৃষ্টিগোচৰ হৈছে। ইপিনে স্থানীয় ৰাইজ এনে প্ৰশংসনীয় পদক্ষেপত উৎফুল্লিত হৈ পৰিছে। লগতে চৰকাৰৰ এনে অভিলাষী আঁচনিক উষ্ম আদৰণি জনাইছে।

No comments:

Post a Comment

SPONSORED