ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক : টায়াৰ জ্বলাই ভূটান -ৰঙিয়া পথ অৱৰোধ উত্তেজিত ৰাইজৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 4, 2018

ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক : টায়াৰ জ্বলাই ভূটান -ৰঙিয়া পথ অৱৰোধ উত্তেজিত ৰাইজৰ

তামুলপুৰ : এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি বাক্সাৰ কুমাৰীকাটাত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ ডাম্পাৰে ৰৈ থকা বাইক আৰোহীক মহতিয়াই নিয়াৰ ফলতে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি৷ ক্ষোভিত ৰাইজে ভূটান -ৰঙিয়া সংযোগী পথত টায়াৰ জ্বলায় অৱৰোধ কৰে পথটো ৷ জানিব পৰা মতে কুমাৰীকাটাৰ ৰাজু ডেকা নামৰ লোকজনে নিজৰ বাইকৰ ওপৰত বহি পথৰ দাঁতিত এজন লোকৰ সৈতে কথা পাতি থকা সময়তে জালাহ -কুমাৰীকাটা পথেৰে কুমাৰীকাটাৰ দিশে আহি থকা এখন ডাম্পাৰে পিচ ফালৰ পৰা খুন্দা মাৰে৷ ফলত পথৰ দাঁতিৰ পৰা ওফৰি পৰি ৰাজু ডেকা নামৰ লোকজন গুৰুতৰ ভাৱে আহত হয়৷ ইফালে ডাম্পাৰখনে খুন্দা মাৰিয়ে দূৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰাত ৰাইজ উত্তেজিত হৈ পৰে৷ অভিযোগ অনুসৰি বিধি নিষিদ্ধ ভাৱে বন বিভাগৰ চকুৰ সম্মুখেৰে ডাম্পাৰ সমূহে শিল বালি কঢ়িয়াই থকাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰে৷ যাৰ ফলত উত্তেজিত ৰাইজে আন্ত:ৰাষ্ট্ৰীয় পথটোত টায়াৰ জ্বলায় অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ ইফালে ডাম্পাৰৰ খুন্দাত গুৰুতৰ ভাৱে আহত ৰাজু ডেকাক প্ৰথমে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিচত উন্নত চিকিৎসাৰ বাবে জি এন আৰ চি লৈ প্ৰেৰন কৰা হয়৷

No comments:

Post a Comment

SPONSORED