নতুন দিল্লী : ভাৰতৰ সর্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহকসকলৰ বাবে সুখবৰ। ইতিমধ্যে এছ বি আয়ে গ্রাহকসকলৰ বাবে বেংকৰ একাউণ্টত ন্যূনতম ধনৰ নতুন নিয়ম কার্যকৰী কৰিছে। এই নিয়ম কার্যকৰী হােৱাৰ লগে লগে বেংকটোৰ ২৫ কোটি গ্রাহকৰ যথেষ্ট সুবিধা হ’ব। উল্লেখ্য যে যােৱা ১ এপ্রিলৰ পৰা এছ বি আই একাউণ্টত ন্যূনতম বেলেঞ্চৰ নতুন নিয়ম কার্যকৰী কৰিছে। সেই নতুন নিয়ম অনুসৰি একাউণ্টত নুন্যতম ধন নাথাকিলে যি কৰ লােৱা হ'ব, সেই কৰৰ ৭৫ শতাংশ হ্ৰাস কৰিছে। এছ বি আইৰ এনে সিদ্ধান্তৰ পাছত মেট্ৰ' আৰু আন চহৰৰ গ্ৰাহকসকলে নিজৰ ছেভিং একাউণ্টত মাহিলি গড় বেলেঞ্চ নাৰাখিলে আগতে ৫০ টকাকৈ কৰ লৈছিল। কিন্তু নতুন নিয়ম অনুসৰি সেই কৰৰ পৰিমাণ বেংকটোৱে ল’ব ১৫ টকাকৈ। চহৰৰ লগতে বেংকটোৱে সৰু চহৰ আৰু গ্রামীণ ক্ষেত্ৰতাে ন্যূনতম ধনৰ ওপৰত ৪০ টকাৰ পৰা কৰৰ পৰিমাণ হ্রাস কৰে ১২ টকালৈ। সেই ধনতেই সােমাই থাকিব ১০ টকা জি এছ টি। অৱশ্যে ষ্টেট বেংকে একাউণ্টত ন্যূনতম ধন নাৰাখিলে যি কৰ লয়, সেই কৰৰ পৰিমাণ হ্রাস কৰিছে যদিও একাউণ্টত ন্যূনতম জমা ধনৰ পৰিমাণ কিন্তু হ্রাস কৰা নাই। এছ বি আইৰ ছেভিং একাউণ্টত গ্রাহকসকলে প্রতিমাহে নিশ্চিত ধনৰাশি জমা ৰাখিব লাগিব। মেট্ৰ' আৰু চহৰসমূহৰ একাউণ্টত ৩,০০০ টকা, সৰু চহৰৰ একাউণ্টত ২,০০০ টকা আৰু গ্রামাঞ্চলত সেই পৰিমাণ হ’ল ১,০০০ টকা।
Responsive Ads Here
Friday, May 04, 2018

এছবিআইৰ ২৫ কোটি গ্রাহকৰ বাবে সুখবৰ
Tags
# ব্যৱসায়-বাণিজ্য
Share This

About Sangbad Prahari
ব্যৱসায়-বাণিজ্য
Labels:
ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment