অন্তিম পর্যায়ৰ নথি-পত্রৰ পৰীক্ষাৰ কাম আৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 4, 2018

অন্তিম পর্যায়ৰ নথি-পত্রৰ পৰীক্ষাৰ কাম আৰম্ভ

দিল্লীঃ উচচতম ন্যায়ালয়ে নির্ধাৰণ কৰা সময়সীমাৰ ভিতৰত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰা প্রকাশ কৰিবলৈ এন আৰ চি কর্তৃপক্ষ সাজু হৈছে৷ অন্তিম পর্যায়ত পৰীক্ষা কৰিবলৈ বাকী থকা নথিসমূহ পৰীক্ষণৰ কাম ৫ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব৷ উল্লেখযোগ্য যে যুদ্ধকালীন প্রস্তুতিৰে ৰাজ্যত বংশবৃক্ষৰ বাবে দাখিল হোৱা লিগেচি ডাটা আৰু পঞ্চায়তৰ নথিৰ পৰীক্ষণৰ কাম চলি আছে৷
৩১ মে’ৰ ভিতৰত সকলোবোৰ নথি পৰীক্ষণ সমাপ্ত কৰাৰ লক্ষ্য গ্রহণ কৰাত ৩০ জুনত চূড়ান্ত খচৰা প্রকাশ হোৱাটো নিশ্চিত হৈ পৰিছে৷ ইয়াৰ লগে লগে অসম চুক্তিৰ আধাৰত বিদেশী বহিষ্কৰণৰ বিষয়টোৱে গতি লাভ কৰিব৷ বহিঃৰাজ্যৰ পৰা অসমত আহি বাস কৰা লোকসকলে দাখিল কৰা নথি পৰীক্ষণৰ বাবে সেই ৰাজ্যলৈ প্রেৰণ কৰা হৈছিল যদিও বহুসংখ্যক নথি ঘূৰি অহা নাই৷ নথি-পত্র ঘূৰি নাহিলেও সেই লোকসকল যে ভাৰতীয় সেই কথা পৰীক্ষা কৰাৰ ব্যৱস্থা এন আৰ চি কর্তৃপক্ষই নির্ধাৰণ কৰি লোৱা বুলি জানিব পৰা গৈছে৷
পানী নসৰকা ব্যৱস্থাৰে এন আৰ চি প্রস্তুতৰ কাম চলি থকাত নাম অন্তর্ভুক্তিৰ বাবে সন্দেহযুক্ত লোকসকলে চেষ্টা চলায়ো ব্যর্থ হৈছে৷ সদৌ অসম ছাত্র সন্থাৰ লগতে জনগোষ্ঠীয় সংগঠনসমূহে এজনো বাংলাদেশীৰ নাম যাতে অন্তর্ভুক্ত হ’ব নোৱাৰে তাৰ বাবে চোকা নজৰ ৰখাত এন আৰ চি কর্তৃপক্ষই কোনো বাংলাদেশীৰ নাম অন্তর্ভুক্ত নোহোৱাৰ প্রতিশ্রুতি দিছে, যাৰ ফলত অসম চুক্তিৰ ভিত্তি বর্ষ অনুসৰি ১৯৭১ চনৰ ২৪ মার্চৰ মাজনিশা পর্যন্ত অসমলৈ অহা লোকসকলক সামৰি এন আৰ চি উন্নীত হ’ব৷
এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে ৰাজ্যৰ ৬৮.২১ লাখ পৰিয়ালে আৱেদন জনাইছিল৷ এই পৰিয়ালসমূহে উক্ত ভিত্তি বর্ষ অনুসৰি ভাৰতীয় নাগৰিক বুলি প্রতিপন্ন কৰিবলৈ জমা দিয়া নথিৰ সংখ্যা আছিল ৬.১৪ কোটি৷ ইয়াৰ ভিতৰত সন্দেহ হোৱা লিগেচি ডাটাৰ সংখ্যা আছিল ৪৮ লাখ৷ ৬৫ শতাংশৰো অধিক লিগেচি ডাটা পৰীক্ষণৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ ইফালে এপ্রিল মাহৰ প্রথম ভাগৰ পৰা ২৯ লাখ পঞ্চায়তৰ নথিৰ পৰীক্ষণৰ কামো পূর্ণ গতিত চলি আছে৷ প্রথম অৱস্থাত ২,৫০০টা সেৱা কেন্দ্রত নথি-পত্র পৰীক্ষণৰ কাম চলিছিল যদিও পঞ্চায়তৰ নথি পৰীক্ষা কৰিবলগীয়া হোৱাৰ পাছতে আৰু ৭০০টা কেন্দ্র বৃদ্ধি কৰা হৈছিল৷ উচচতম ন্যায়ালয়ে নির্ধাৰণ কৰা সময়সীমা অহা ৩০ জুনৰ ভিতৰত এন আৰ চি কর্তৃপক্ষই খচৰা প্রকাশৰ বাবে নিয়েজিত কৰা ৫০ হাজাৰ বিষয়া-কর্মচাৰীৰ তৎপৰতাত চূড়ান্ত খচৰা প্রকাশ পাব৷
সোণোৱালৰ পৰা এন আৰ চি উন্নীতকৰণৰ খতিয়ান ল’লে গৃহ মন্ত্রীয়ে: মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙে  ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম-কাজৰ খতিয়ান ল’লে৷ দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী সিঙক সাক্ষাৎ কৰি ৰাজ্যত চলি থকা এন আৰ চিৰ চূড়ান্ত খচৰা প্রস্তুতৰ খতিয়ান দিলে মুখ্যমন্ত্রী সোণোৱালে৷ কেন্দ্রীয় গৃহ মন্ত্রী সিঙৰ সৈতে মুখ্যমন্ত্রী সোণোৱালৰ বৈঠকৰ সময়ত উপস্থিত আছিল দেশৰ মহাপঞ্জীয়ক শৈলেশ, অসমৰ মুখ্য সচিব টি ৱাই দাস, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলা, আৰক্ষী সঞ্চালক প্রধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান পল্লৱ ভট্টাচার্য৷ বৈঠকৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত এন আৰ চিৰ কাম শান্তিপূর্ণভাৱে চলি আছে৷ এন আৰ চিৰ কামত ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াইছে৷

No comments:

Post a Comment

SPONSORED