সন্মানীয় অর্জুন বঁটাৰ দৌৰত মনপ্রীত, ধৰমবীৰ আৰু সবিতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

সন্মানীয় অর্জুন বঁটাৰ দৌৰত মনপ্রীত, ধৰমবীৰ আৰু সবিতা

নতুন দিল্লী : বিগত মাহত কমনৱেলথ গেমছত ভাৰতক নেতৃত্ব দিয়া মনপ্রীত সিং আৰু মিডফিল্ডাৰ ধৰমবীৰ সিঙৰ লগতে মহিলা দলৰ গ’লকীপাৰ সবিতাৰ নাম হকী ইণ্ডিয়াই সন্মানীয় অর্জুন বঁটাৰ বাবে মনােনীত কৰাৰ বিপৰীতে ধ্যানচান্দ লাইফটাইম এচিভমেন্ট বঁটাৰ বাবে এছ ইবেমাল চানু আৰু ভাৰতীয় পুৰুষ দলৰ প্রাক্তন অধিনায়ক ভৰত চেত্ৰীৰ নাম মনােনীত কৰিছে হকী ইণ্ডিয়াই। ইফালে প্রশিক্ষক বি এছ চৌহানৰ নাম দ্রোণাচার্য বঁটাৰ বাবে মনােনীত কৰা বুলি সদৰী কৰে হকী ইণ্ডিয়াৰ সচিবপ্রধান মহম্মদ মুস্তাক আহমেদে। ধৰমবীৰে ২০১২ চনৰ লণ্ডন অলিম্পিক আৰু ২০১৪ চনৰ বিশ্ব কাপত ভাৰতীয় দলৰ সদস্য থকাৰ বিপৰীতে ২০১৪ চনৰ এছিয়ান গেমছত স্বর্ণ পদক জিকা দলৰ সদস্য আছিল। আনহাতে এই পর্যন্ত ২০০ৰাে অধিক আন্তর্জাতিক খেল খেলা মনপ্রীতে ২০১২ আৰু ২০১৬ চনৰ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিছিল। ইফালে সবিতাই বিগত বৰ্ষৰ এছীয় কাপত চীনৰ বিৰুদ্ধে উল্লেখনীয় প্রদর্শন কৰি ভাৰতক জয়ী কৰােৱাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল।

No comments:

Post a Comment

SPONSORED