ৱেব সংবাদঃ ফাইলতে আবদ্ধ হৈ আছে কৃষকৰ বান সাহায্যৰ তালিকা৷ যোৱা বছৰ বানত ক্ষতিগ্রস্ত হোৱা ৰাজ্যৰ কৃষকসকল পুনৰ বানত ক্ষতিগ্রস্ত হোৱাৰ সময় সমাগত হৈ পৰিছে যদিও কেইবাখনো জিলাৰ ভালেসংখ্যক কৃষকৰ হাতত পৰা নাই চৰকাৰী বান সাহায্যৰ ধন৷ বান শেষ হোৱাৰ পাছতেই ক্ষয়-ক্ষতিৰ বুজ লৈ কৃষকসকলক সোনকালে ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিছিল৷
এই সন্দর্ভত জিলাৰ উপাযুক্তসকলক তথ্য সংগ্রহ কৰি দাখিল কৰিবলৈ নির্দেশ দিছিল৷ কিন্তু আশ্চর্যকৰ কথা যে যোৱাবাৰৰবাৰিষা গৈ এই বছৰৰ বাৰিষা আৰম্ভ হ’বৰ হ’ল যদিও বানত ক্ষতিগ্রস্ত বহু কৃষকে এতিয়ালৈকে ক্ষতিপূৰণ পাবলৈ সক্ষম নহ’ল৷ যোৱাবাৰ বানত ৰাজ্যখনৰ প্রায় ১৪খন জিলাৰ ভালেসংখ্যক কৃষক ক্ষতিগ্রস্ত হৈছিল৷ বানে কৃষিপথাৰ নষ্ট কৰা কৃষকসকলক পর্যাপ্ত পৰিমাণৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছি।
অৱশ্যে ক্ষতিগ্রস্ত কৃষকসকলৰ বাবে প্রতিবছৰে চৰকাৰে ক্ষতিপূৰণ দি আহিছে৷ সেই হিচাপত যোৱাবাৰ বানত ক্ষতিগ্রস্ত কৃষকক যথোচিত সাহায্য প্রদানৰ বাবে চৰকাৰখনে উদ্যোগ লৈছিল৷ কিন্তু ৰাইজৰ সন্মুখত প্রচাৰ চলাই উদ্যোগ ল’লেহে, প্রকৃততে কিন্তু সেই উদ্যোগৰপৰা ক্ষতিগ্রস্ত অধিকসংখ্যক কৃষকে উপকৃত নহ’ল৷ কাৰণ কেইবাখনো জিলাৰ ক্ষতিগ্রস্ত কৃষকে ক্ষতিপূৰণ নাপালে৷ বঞ্চিত কৃষকে ক্ষতিপূৰণ পাব নে নাই, সেয়াও নিশ্চিত নহয়।
কোনো কৃষকে নাজানে ক্ষতিপূৰণ কেতিয়া পাব? কিন্তু বানৰ সময়ত ক্ষতিপূৰণ পাব বুলিয়েই চৰকাৰে প্রচাৰ চলাইছিল৷ উল্লেখযোগ্য যে ক্ষতিগ্রস্ত আটাইকেইখন জিলাৰ অধিকসংখ্যক কৃষকে ক্ষতিপূৰণ পোৱা নাই যদিও ক্ষতিপূৰণৰ বাবত কিন্তু বুজন পৰিমাণৰ ধন ধার্য হৈ আছে৷ ১৪খন জিলাৰ ক্ষতিগ্রস্ত কৃষকৰ বাবে ধার্য কৰা হৈছে ৮৩,৪৬,২২,০৬৫ কোটি টকা৷ এই ধন ক্ষতিগ্রস্ততাৰ তালিকাৰ ভিত্তিত ধার্য কৰা হৈছিল৷ অর্থাৎ অধিক ক্ষতিগ্রস্ত জিলাকেইখনৰ কৃষকৰ বাবে অধিক পুঁজি ধার্য কৰা হৈছিল৷ জানিব পৰা মতে, যোৰহাট জিলাৰ ক্ষতিগ্রস্ত কৃষকৰ বাবে প্রায় ২৬ কোটি টকা ধার্য কৰা হৈছিল৷
আটাইকেইখন জিলাৰ ভিতৰত যোৰহাটৰ বাবেই সবোর্চচ ধন ধার্য কৰিছিল৷ সেইদৰে ক্ষতিগ্রস্ত অন্য জিলাকেইখনৰ ভিতৰত ধেমাজি আৰু বৰপেটাত ভালেসংখ্যক কৃষকে হেৰুৱাইছিল কৃষি শস্য৷ বানে এফালৰ পৰা উটুৱাই নিছিল পথাৰৰ শস্য৷ সেয়ে ক্ষতিগ্রস্ত উক্ত জিলা দুখনৰ বাবেও ১১ কোটি টকাকৈ ধার্য কৰা হৈছিল৷ কিন্তু ক্ষতিগ্রস্ত কৃষকৰ নামত আবণ্টিত সেই ধন বহুসংখ্যক কৃষকে নাপালে৷ বিশ্বনাথ জিলাতো যোৱাৱাৰৰ বানত বিস্তৰ ক্ষতি হৈছিল।
সমান্তৰালভাৱে ক্ষতিগ্রস্ত হৈছিল নগাঁও জিলাৰ কৃষক৷ সেয়ে ক্ষতি হোৱা তথ্যৰ ভিত্তিত নগাঁও জিলাৰ বাবে প্রায় ৬ কোটি ৫৪ লাখ টকা আৰু বিশ্বনাথৰ বাবে প্রায় ৫.৩০ কোটি টকা ধার্য কৰিছিল৷ ক্ষতিগ্রস্ত অন্য জিলাকেইখনৰ ভিতৰত শিৱসাগৰৰ ক্ষতিগ্রস্ত কৃষকৰ বাবে ১.৮৫ কোটি আৰু তিনিচুকীয়াৰ বাবে ১.৮২ কোটি টকা ধার্য কৰিছিল৷ কিন্তু ধন ধার্য কৰাৰ পাছতো সংশ্লিষ্ট জিলাসমূহে দিছপুৰলৈ তালিকা প্রেৰণত অস্বাভাৱিক পলম কৰে৷
অর্থাৎ দিছপুৰে জিলা অনুযায়ী কৃষকৰ ক্ষতিৰ পৰিমাণ পোৱাৰ পাছতো হিতাধিকাৰীৰ তালিকা সময়মতে নাপালে৷ জিলাৰ উপায়ুক্তসকলৰ কামৰ লেহেম গতিয়ে স্থবিৰ কৰি ৰাখিছিল কৃষকৰ বান সাহায্য বিতৰণ প্রক্রিয়া৷ সময় যিমানেই অতিবাহিত হ’ব ধৰিছে, কামৰ গতিও সিমানেই লেহেম হৈ পৰিছে৷ যোৱা বছৰ বানত ক্ষতিগ্রস্ত কৃষকক সময়ত সাহায্য দিব নোৱৰা চৰকাৰখনে এইবাৰ আকৌ সময়ত ভঙা মথাউৰিয়েই নির্মাণ কৰি উলিয়াব নোৱাৰিলে৷
No comments:
Post a Comment