বৰপেটাত আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত দুখনকৈ বাল্যবিবাহ ৰোধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

বৰপেটাত আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত দুখনকৈ বাল্যবিবাহ ৰোধ

বৰপেটা : বৰপেটাত পুনঃ সংঘটিত হৈছে বাল্যবিবাহৰ দৰে নাৰী অপৰাধজনিত ঘটনা। এইবাৰ বাল্যবিবাহ সংঘটিত হৈছে বৰপেটা জিলাৰ বাঘবৰত। বাঘবৰ আৰক্ষী থানাৰ অন্তর্গত সত্ৰকৰাত ওচৰা-উচৰিকৈ যােৱা বুধবাৰৰ নিশা আয়ােজিত হৈছিল দুখনকৈ বাল্যবিবাহ। এই দুয়ােখন বাল্যবিবাহৰ খবৰ পাই পুনঃ তৎপৰতাৰে হস্তক্ষেপ কৰিলে বৰপেটা চাইল্ড লাইনৰ জিলা সমন্বয়ক আৰু স্থানীয় আৰক্ষী বিভাগে। বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰুণ বড়াে আৰু মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মন্টু দাসৰ তৎপৰতা আৰু চাইল্ড লাইনৰ বৰপেটা জিলাৰ সমন্বয়ক ৰফিকুল ইছলামৰ সন্মিলিত প্রচেষ্টাত বাল্যবিবাহ দুখন বন্ধ কৰিবলৈ সক্ষম হয়। বাল্যবিবাহৰ পাত্রী হ’বলৈ গৈ থকা এগৰাকী দশম শ্রেণীৰ ছাত্ৰী (১৭) আৰু আনগৰাকী ষােল্ল বছৰীয়া কিশােৰীক বিয়া দিয়াৰ যােজা চলাইছিল পৰিয়ালৰ লােকে। আৰক্ষী আৰু চাইল্ড লাইনে দুয়ােগৰাকী কিশােৰীকে পাছত উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আনে। সম্প্রতি কিশােৰী দুগৰাকী বৰপেটা চাইল্ড লাইনৰ জিম্মাত আছে। জানিব পৰা মতে কিশােৰী দুগৰাকী কাইলৈ শিশু কল্যাণ সমিতি, বৰপেটাৰ বৈঠকত উপস্থিত কৰােৱা হ'ব। বাল্যবিবাহ প্রতিৰােধৰ ক্ষেত্ৰত সদা সক্রিয় ভূমিকা পালন কৰি অহা বৰপেটা চাইল্ড লাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলামৰ তৎপৰতা আৰু এইক্ষেত্ৰত আৰক্ষী বিভাগৰ সহযােগিতাক সচেতন মহলে আদৰণি জনাইছে।

No comments:

Post a Comment

SPONSORED