দায়িত্ব গ্রহণ কৰিয়েই নৱনিযুক্ত মন্ত্ৰীৰ তৎপৰতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

দায়িত্ব গ্রহণ কৰিয়েই নৱনিযুক্ত মন্ত্ৰীৰ তৎপৰতা

গুৱাহাটী : দায়িত্ব গ্রহণ কৰিয়েই তৎপৰতা প্রদর্শন কৰিছে সােণােৱাল মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্রীয়ে। কেবিনেট মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু ৰাজ্যিক মন্ত্রীদ্বয় ভৱেশ কলিতা, পীযুষ হাজৰিকাই বৃহস্পতিবাৰে বিভাগীয় কার্যালয়, চিকিৎসালয় পৰিদৰ্শন কৰে। শিক্ষা, গুৱাহাটী উন্নয়ন মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই বৃহস্পতিবাৰে গুৱাহাটী উন্নয়ন
প্রাধিকৰণৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত একপ্রকাৰ ৰুদ্রমূর্তি ধাৰণ কৰি একাংশ বিষয়াক ধমক দিয়ে গুৱাহাটী উন্নয়ন মন্ত্রীজনে। মুখ্যমন্ত্ৰীৰ নাম লৈ আপােনালােকে মােক ভয় খুৱাবলৈ চেষ্টা নকৰিব। এই বিভাগটোত ক’ত কি অনিয়ম হৈ আছে মই জানাে। উপস্থিত বিষয়াক এইদৰে সকীয়াই দিয়ে নৱনিযুক্ত মন্ত্রী ভট্টাচার্যই। গুৱাহাটীৰ উন্নয়ন আৰু সা-সমস্যা সন্দৰ্ভত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই জি এম ডি এৰ আমােলা-বিষয়াৰ উপৰি জিলাৰ উপায়ুক্ত আৰু পৌৰ আয়ুক্তৰ সৈতেও পৃথক বৈঠকত ভাগ লয়। ইফালে জলসিঞ্চন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী ভৱেশ কলিতাই জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া-কর্মচাৰীৰ সৈতে ভাব বিনিময় কৰে। স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীযুষ হাজৰিকাই পাণবজাৰস্থিত মহেন্দ্র মােহন চৌধুৰী চিকিৎসালয় পৰিদর্শন কৰে। চিকিৎসালয়ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত মন্ত্রীজনে গুৰুত্ব আৰােপ কৰে। চিকিৎসক, ৰােগী, নাৰ্ছৰ সৈতে প্রার্থনাত ভাগ লৈ মন্ত্রীজনে চিকিৎসাধীন ৰােগীক আধ্যাত্মিকতাই মনােবল দিয়ে বুলি মন্তব্য কৰে। আনহাতে দিছপুৰত অব্যাহত থাকিল মন্ত্ৰীৰ পূজা-পার্বণ। মন্ত্রী পৰিমল শুক্লবৈদ্যই পূজা-অর্চনা কৰি আজি বন বিভাগৰ দায়িত্ব গ্রহণ কৰে। নতুন বিভাগ এটা চলােৱাৰ প্ৰাকক্ষণত কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যই পূজাৰ আয়ােজন কৰাটোৱে দিছপুৰত চর্চা লাভ কৰিছে। পার্বত্য উন্নয়ন মন্ত্রী চুম ৰংহাঙেও পূজা অর্চনাত ভাগ লােৱাৰ পাছতহে বিভাগীয় দায়িত্ব গ্রহণ কৰে। ফণীভূষণ চৌধুৰী আৰু চন্দন ব্রহ্মক বাদ দি নৱনিযুক্ত আটাইকেইজন মন্ত্রীয়ে কার্যালয় কক্ষত পূজাৰ আয়ােজন কৰা দেখা গ'ল৷

No comments:

Post a Comment

SPONSORED