নিদাৰুণ : মাহীমাকে আঢ়ৈ বছৰীয়া পুত্ৰক কুঁৱাত পেলাই কৰিলে হত্যা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

নিদাৰুণ : মাহীমাকে আঢ়ৈ বছৰীয়া পুত্ৰক কুঁৱাত পেলাই কৰিলে হত্যা

কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ গােসাই গাঁও থানাৰ অন্তর্গত দুই নম্বৰ ভােমৰাবিল গাঁৱত বৃহস্পতিবাৰে বিয়লি মাহীমাকে আঢ়ৈ বছৰীয়া পুত্ৰক কুঁৱাত পেলাই হত্যা কৰাৰ অভিযােগ উত্থাপন হৈছে। উক্ত ঘটনাই সমগ্র মহকুমাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত শিশুটিক দুই নম্বৰ ভােমবিল নিৱাসী মনােৱাৰ হুছেইনৰ পুত্র মেহদি হাছান শ্বেখ বুলি চিনাক্ত কৰা হৈছে। মৃত শিশুটিৰ ককাক হানিফ আলীয়ে অভিযােগ কৰা মতে, শিশুটিৰ মাতৃ হাছনা ভানুৱে পথাৰৰ পৰা গৰু আনিবলৈ যােৱাৰ সময়তে মাহীমাক মমতাজ বিবিয়ে শিশুটিক কুঁৱাত পেলাই দিয়ে। লগে লগে স্থানীয় ৰাইজে খবৰ পাই শিশুটিক উদ্ধাৰৰ চেষ্টা কৰে যদিও মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্রথমতে ৰাইজে শিশুটি কুঁৱাত কেনেকৈ পৰিল সেইবিষয়ে জানিব পৰা নাছিল যদিও অভিযুক্ত মহিলাগৰাকীয়ে শিশুটিক কোলাত লৈ কুঁৱাৰ ওচৰত যােৱাটো স্থানীয় এজন যুৱকে প্রত্যক্ষ কৰা বুলি জানিব পৰা ঘটনাৰ আঁৰত মাহীমাক জড়িত বুলি ৰাইজে সন্দেহ কৰিছে। তদুপৰি ককাক হানিফ আলীয়ে জানিব দিয়া মতে, ইয়াৰ পূর্বেও মমতাজ বিবিয়ে শিশুটিক হত্যা কৰাৰ চেষ্টা কৰাৰ লগতে আক্রমণ কৰি আহত কৰিছিল আৰু শিশুটিৰ মাতৃকো জুই লগাই হত্যা কৰাৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত মহিলাগৰাকীক আটক কৰি জেৰা কৰি আছে।

No comments:

Post a Comment

SPONSORED