ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিতৰণী সমাৰােহক লৈ বিতৰ্ক : ৬৮গৰাকী বঁটা বিজয়ীৰ সমাৰােহ বৰ্জন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিতৰণী সমাৰােহক লৈ বিতৰ্ক : ৬৮গৰাকী বঁটা বিজয়ীৰ সমাৰােহ বৰ্জন

নতুন দিল্লী : ইয়াৰ বিজ্ঞান ভৱনত আজি আয়ােজন কৰা ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিতৰণী সমাৰােহত অভূতপূর্ব ঘটনা দেখিবলৈ পােৱা গ'ল। সমৰােহত ৰাষ্ট্রপতি ৰামনাথ কবিন্দই মাত্র ১১গৰাকী বঁটা বিজয়ীক বঁটা প্রদানৰ সিদ্ধান্ত প্রতিবাদত কেইবাগৰাকীও বঁটা বিজয়ীয়ে এই অনুষ্ঠান বর্জন কৰাৰ সিদ্ধান্ত লয়। উল্লেখযােগ্য যে ৰাষ্ট্রপতিয়ে প্রথমবাৰলৈ সকলাে বঁটা বিজয়ীক বঁটা প্রদান নকৰিলে। বাকী বঁটাসমূহ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ দপ্তৰৰ মন্ত্রী স্মৃতি ইৰাণীয়ে আৰু ৰাজ্যবর্ধন ৰাথােড়ে বিতৰণ কৰে। উল্লেখযােগ্য যে এইবাৰ মুঠ ১৩১গৰাকীক বিভিন্ন বঁটা দিয়া হৈছিল। ইয়াৰে ৭০গৰাকীতকৈ অধিক বঁটা বিজয়ীয়ে তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দক পত্রযােগে জনায় যে তেওঁলােকে বা বিতৰণী সমাৰােহত অংশগ্রহণ নকৰে। পাছত ৬৮গৰাকী বঁটা বিজয়ী এখন সভাত মিলিত হৈ বঁটা বিতৰণী সমাৰােহ বৰ্জন কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে কেইবাগৰাকীয়ে সমাৰােহত অংশগ্রহণ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত সংগীতজ্ঞ য়েছুদাসাে আছে। অস্কাৰ বিজয়ী ছাউণ্ড ডিজাইনাৰ ৰছুল পুক্কুটিয়ে এই বিষয়টোত ক্ষোভ প্ৰকাশ কৰি কয়, ‘যদিহে ভাৰত চৰকাৰে আমাৰ সন্মানৰ বাবে তিনি ঘণ্টা সময় দিব নােৱাৰে, তেতিয়াহ'লে আমাক ৰাষ্ট্ৰীয় পুৰস্কাৰ দিয়াৰ বাবে পদক্ষেপেই ল’ব নালাগিছিল। আমাৰ উপাৰ্জনৰ ৫০% অংশ আপােনালােকে কৰৰূপে লয়, আমাৰ যি সন্মান অন্ততঃ তাৰ প্রতি সম্মান জনােৱা উচিত আছিল। ইফালে বঁটা বিজয়ী মাৰাঠী চিনেমাৰ পৰিচালক প্রসাদ ওকে কয়, ইয়াক মােৰ কলাৰ প্রতি অপমান বুলি মই গণ্য কৰিছোঁ। তেওঁলােকে এই বিষয়ে আমাক প্রথমে জনােৱা উচিত আছিল। ইতিহাসত প্রথমবাৰৰ বাবে এই ঘটনা ঘটিল। বাহুবলীৰ বঁটা বিজয়ী প্রযােজক প্রসাদ দেবনেনিয়ে কয় যে বঁটা বিজয়ী শিল্পীসকলক এই বিষয়ে জনােৱা উচিত আছিল, কিয়নাে বঁটাৰ লগত আৱেগ জড়িত হৈ আছে। তেওঁলােকে বঁটাক অপমান কৰিবলৈ যে বিচাৰিছে সেইটোও নহয়, কিন্তু চলচ্চিত্র বঁটাক তেওঁলােকে যদি এটা সাধাৰণ বঁটা বুলি গণ্য কৰিছে তেন্তে তাক ডাকযােগেও পঠাব পাৰিব। ইফালে ৰাষ্ট্রপতি ভৱনে এটা স্পষ্টীকৰণত কয় যে এই সমাৰােহত ৰাষ্ট্ৰপতি মাত্র এঘণ্টাহে উপস্থিত থাকিব পাৰিব, সেয়েহে মাত্র এঘাৰগৰাকীক এই বঁটা দিয়াৰ সিদ্ধান্ত লােৱা হয়। উল্লেখযােগ্য যে আজি বিতর্কৰ মাজতে হােৱা বঁটা বিতৰণী সমাৰােহত দুটা ভাগত বঁটাসমূহ প্রদান কৰা হয়। প্রথম পর্যায়ত বঁটাসমূহ প্রদান কৰে স্মৃতি ইৰাণী আৰু ৰাজ্যিক পর্যায়ৰ মন্ত্ৰী ৰাজ্যবর্ধন ৰাথােড়ে।
দ্বিতীয় পর্যায়ত ৰাষ্ট্রপতি ৰামনাথ কবিন্দই দাদা চাহেব ফাল্কে আৰু শ্রেষ্ঠ অভিনেত্রীৰ বঁটা প্ৰদান কৰে। এইবাৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় মৰণােত্তৰভাৱে বিনােদ খান্নালৈ। আনহাতে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা দিয়া হয় মৰণােত্তৰভাৱে শ্ৰীদেৱীলৈ। পৰম্পৰাগতভাৱে ৰাষ্ট্রপতিয়ে সকলাে বঁটা বিজয়ীক বঁটাসমূহ প্রদান কৰে। সমাৰােহত উপস্থিত থাকি বঁটা গ্ৰহণ কৰাসকলৰ ভিতৰত এ আৰ ৰহমান, এইবাৰৰ সর্বশ্রেষ্ঠ চলচ্চিত্র ভিলেইজ ৰকষ্টাৰৰ পৰিচালক ৰীমা দাস, শ্রেষ্ঠ অসমীয়া চলচ্চিত্র ইশ্বুৰ পৰিচালক উৎপল বৰপূজাৰী আৰু শ্রেষ্ঠ অভিনেতা ৰিদ্ধি সেনাে আছিল। সমাৰােহত শ্ৰীদেৱীৰ হৈ বঁটা গ্ৰহণ কৰে স্বামী বনি কাপুৰ আৰু তেওঁৰ দুই কন্যা সন্তানে। আনহাতে বিনােদ খান্নাৰ হৈ বঁটা গ্রহণ কৰে তেওঁৰ পুত্ৰ তথা অভিনেতা অক্ষয় খান্নাই। ৰীমা দাসে ৰাষ্ট্ৰপতিৰ পৰা স্বর্ণকমল বঁটা গ্রহণ কৰে।

No comments:

Post a Comment

SPONSORED