নৰেন্দ্ৰ মােদী আৰু ৰাহুল গান্ধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, May 04, 2018

নৰেন্দ্ৰ মােদী আৰু ৰাহুল গান্ধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা

বাংগালুৰু : কর্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত আক্রমণ প্রতি আক্রমণ অধিক বৃদ্ধি পাইছে। বৃহস্পতিবাৰে ৰাজ্যখনত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ মাজত তীব্র বাকযুদ্ধ দেখা পােৱা গ'ল। উল্লেখযােগ্য যে ৰাজ্যখনত দুয়ােজনে একে সময়তে বিভিন্ন স্থানত নির্বাচনী প্রচাৰ অভিযান চলায়। প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে কলবুর্গী আৰু বেল্লাৰীত নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি ৰাহুল গান্ধী তথা কংগ্ৰেছক কঠোৰ ভাষাৰে সমালােচনা কৰে। আনহাতে ৰাহুল গান্ধীয়ে বিদৰত প্রধানমন্ত্রী তথা কেন্দ্রীয় চৰকাৰক সমালােচনাৰ লক্ষ্য কৰি লয়। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয় যে পাকিস্তানত সন্ত্রাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই পাকিস্তানত চলােৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কংগ্ৰেছে প্রমাণ বিচাৰিছিল। আনকি কংগ্ৰেছৰ নেতাই দেশৰ বৰ্তমানৰ সেনা প্রধানজনক গুণ্ডা বুলি কৈছিল, কিন্তু দলটোৱে তেওঁক শাস্তি দিয়াৰ পৰিৱর্তে পুৰস্কৃতহে কৰিছিল বুলি প্রধানমন্ত্রীয়ে কয়। কংগ্ৰেছৰ সভাপতিজনে বন্দে মাতৰমকো সন্মান নজনায় বুলি প্রধানমন্ত্রীয়ে অভিযােগ কৰি কয় যে তেওঁৰ পৰা দেশৰ প্রতি ইতিবাচক দৃষ্টিভংগী দেখা পােৱাটো কঠিন। তেওঁ কয়, “কংগ্ৰেছৰ সর্বোচ্চ নেতাজনে মুকলি সভাত যেতিয়া বন্দে মাতৰমক অপমান কৰে তেতিয়া তেওঁৰ পৰা দেশভক্তি আৰু পৰাক্ৰমৰ প্রতি ইচিবাচক ভাব দেখা পােৱাটো সম্ভৱ নহয়।
আমি যেতিয়া চৰ্দাৰ বল্লভ ভাই পেটেলৰ কথা কওঁ তেতিয়া কংগ্ৰেছৰ নিদ্ৰাহৰণ হয়। দেশভক্তক অপমান কৰাটো তেওঁলােকৰ স্বভাৱত পৰিণত হৈছে। প্রধানমন্ত্রীয়ে কয়, ‘দেশৰ প্রতি প্রান্তৰ পৰা কংগ্রেছ অপসাৰিত হােৱাৰ কাৰণ কি? যােৱা চাৰি বছৰত দেশৰ প্রতিটো প্রান্ততে কংগ্ৰেছে পৰাজয়ৰ মুখ দেখিলে। মই দিল্লীক কেণ্ডেল মার্চ কৰাসকলক এই কথা সুধিবলৈ বিচাৰোঁ যে যেতিয়া বিদৰত দলিত কন্যাক অত্যাচাৰ কৰা হৈছিল তেতিয়া আপােনলােকে কেণ্ডেল
মার্চ কিয় কৰা নাছিল ? তেওঁ কয় যে ৰাজ্যখনৰ যােৱাবাৰৰ বিধানসভাৰ নির্বাচনত মল্লিকার্জুন খৰ্গেক ৰাজ্যখনৰ মুখ্যমন্ত্রী পাতিব বুলি কংগ্ৰেছে দলিতসকলৰ মাজত মিছা প্রচাৰ চলাইছিল। কংগ্ৰেছে এনেধৰণৰ ৰাজনীতি কৰে বুলি তেওঁ কয়। আনহাতে ৰাহুল গান্ধীয়ে বিদৰত নির্বাচনী সভাত ভাষণ দি কয়, ‘মােদী ডাঙৰীয়াৰ অন্তৰত আপােনালােকৰ বাবে স্থান আছে বুলি কৈছে, ঠিকেই আছে, সিদ্ধাৰামায়া ডাঙৰীয়াই কৃষকৰ আঠ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিলে, তেতিয়াহ'লে ভাৰত চৰকাৰে হাজাৰ দুহাজাৰ টকা দিবনে?’ তেওঁ শ্বোলে চিনেমাৰ কথা উল্লেখ কৰি কয়, “শ্বোলে চিনেমাত গব্বৰ সিং আছিল। আপুনি গব্বৰ সিং টেক্স লগালে। এইবাৰ আপুনি তাতকৈ আগবাঢ়িল। এইবাৰ আপুনি গব্বৰ সিঙৰ সম্পূর্ণ দলটোক নির্বাচনত নমালে। ইয়াত গব্বৰ সিঙো আছে, ছাম্বা আৰু কালিয়াও আছে... সকলাে আছে। ৰেড্ডী ভাতৃদ্বয়ৰ সম্পূর্ণ গেঙক নির্বাচনত প্রার্থিত্ব দিছে।
আৰু আপুনি কৈছে দুর্নীতিৰ বিৰুদ্ধে যুঁজ দি আছে। তেওঁ মােদীক পুনৰ সমালােচনা কৰি কয়, কর্ণাটকৰ জনসাধাৰণ কওক যুৱক-যুৱতীসকলৰ বাবে কি কৰিব। গব্বৰ সিং টেক্সৰ পৰা কেনেকৈ বচাব, সেই বিষয়ে ব্যৱসায়ীসকলক কওক। বিমুদ্ৰাকৰণৰ প্ৰভাৱ পৰা কেনেকৈ বচাব, সেই বিষয়ে মহিলাসকলক কওক। কংগ্ৰেছৰ সভাপতিজনে কয় যে মােদী যেতিয়া উদ্বিগ্ন হৈ পৰে তেতিয়া কোনাে এজন নহয় এজন ব্যক্তিৰ বিৰুদ্ধে বেয়া কাম কৰে। ৰাহুলে কয়, তেওঁ মােৰ বিষয়ে যিমানেই বেয়াকৈ নকওক তাত কোনাে প্রভাৱ নপৰে, কিন্তু আপুনি মােৰ প্ৰশ্নৰ উত্তৰ দিয়ক।ইফালে ৰাহুলে কয় যে যিহেতু মােদী ভাৰতৰ প্রধানমন্ত্রী, সেয়েহে তেওঁ এই পদটোক সন্মান জনাই মােদীক ব্যক্তিগতভাৱে সমালােচনা নকৰে।

No comments:

Post a Comment

SPONSORED