শংকিত কৃষক : চৰকাৰে যােগান ধৰা ইৰিধানৰ বীজৰ খেতিত নােলাল থােক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 18, 2018

শংকিত কৃষক : চৰকাৰে যােগান ধৰা ইৰিধানৰ বীজৰ খেতিত নােলাল থােক


পুলেন্দ্র দাস, বৰপেটা : ৰাজকোষৰ ধন খৰচ কৰি মুখ্যমন্ত্রী, কৃষিমন্ত্রীৰ লগতে কৃষি বিভাগৰ ৩৮ গৰাকী বিষয়াই কৃষি খণ্ডৰ উন্নয়নৰ বাবে ভিয়েটনাম ভ্ৰমণ কৰাৰ সময়তে ৰাজ্যৰ ইৰি খেতি কৰা কৃষকসকলে কৃষি ভূমিত ইৰি ধানৰ থােক নােলােৱাৰ ঘটনাই সর্বত্রে চৰ্চিত হৈছে। ৰাজ্য চৰকাৰে যােগান ধৰা চি আৰ এইচ আৰ-৫ নামৰ বৰ্ণসংকৰ ইৰিধানৰ বীজেৰে খেতি কৰা কৃষকসকলে ধান খেতিৰ উপযুক্ত সময়লৈ ধানৰ থােক প্রত্যক্ষ নকৰাত স্বাভাৱিকতে শংকিত হৈ পৰিছে কৃষকসকল। পূর্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতাে ৰাজকোষৰ ধন ব্যয়ৰে মন্ত্রী-আমােলাই বিদেশৰ কৃষি ক্ষেত্র অধ্যয়ন কৰাৰ পিচতোে ৰাজ্যৰ কৃষকসকলৰ পৰিৱৰ্তন পৰিলক্ষিত হােৱা নাছিল। পুনৰাই বিদেশৰ কৃষি ক্ষেত্ৰৰ অধ্যয়ন কৰাৰ সময়তাে ৰাজ্যৰ ভিন্ন প্রান্তৰ কৃষকসকলে উৎপাদিত ফচলৰ উচিত মূল্য লাভ নকৰাত কৃষকসকলে মূৰে-কপালে হাত দিয়া পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, বিগত বৰ্ষত ধান খেতিত ধানৰ পৰিৱর্তে পতান ওলােৱা ঘটনাই কৃষকক সর্বস্বান্ত কৰাৰ দৰে এইবাৰাে অব্যাহত আছে অনুৰূপ ঘটনা। কৃষি বিভাগৰ ফলপ্রসূ কার্যব্যৱস্থাৰ অভাৱৰ বাবেই বিগত বৰ্ষত ইৰি ধান খেতিত পতান ওলােৱা কাৰ্যৰ দৰে এইবাৰাে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাত ইৰি ধান খেতিত ধানৰ থােক নােলােৱাত কৃষকসকলে মূৰে কপালে হাত দিবলৈ বাধ্য হৈছে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগে দুমাহ পূর্বে বৰপেটা জিলাৰ প্রতিখন পঞ্চায়তৰ জৰিয়তে কৃষকসকলৰ মাজত বিতৰণ কৰিছিল বিনামূলীয়া ধানৰ বীজ। কৃষি বিভাগে যােগান ধৰা ‘চি আৰ এইচ আৰ-৫' নামৰ হাইব্রীড ধানৰ বীজ জিলাখনৰ বিভিন্ন পঞ্চায়ত এলেকাৰ গাঁওসমূহৰ নির্বাচিত কৃষকৰ মাজত বিতৰণ কৰা হয় যদিও ইয়াৰ অধিক সংখ্যক ধান পৈণত হােৱাৰ পিচতাে আজি পর্যন্ত থােক নােলােৱা ঘটনাই কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। জিলাখনৰ কাদং পঞ্চায়তৰ সােণপুৰা, মহম্মদপুৰ, কাদং, তাপাজুলি, ৰূপাকুছি, কালামপুৰ আৰু জনীয়া অঞ্চলত এনে ঘটনা সৃষ্টি হােৱাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষকসকল। চৰকাৰী বীজ লাভ কৰাৰ পিচতে ইয়াৰ কৃষকসকলে প্রতিবিঘা মাটিত ট্রেক্টৰেৰে চহাই কঠিয়া সিঁচাৰ পিচত পথাৰত এই কঠিয়াসমূহ পথাৰত ৰােপণ কৰিছিল। প্রতিবিঘাই ৫-৬ হাজাৰ টকা খৰচ কৰি কঠোৰ পৰিশ্ৰমৰ মাজেৰে কৃষকসকলে এই চৰকাৰী ধান ৰােপণ কৰে যদিও দুমাহ উকলি যােৱাৰ পিচতাে আজিলৈকে এই ধানৰ থােক ওলােৱা নাই৷ ফলত কৃষকসকলৰ কষ্টপার্জিত ধন অথলে যােৱাৰ উপক্ৰম হৈছে। জিলাখনৰ কৃষকসকলৰ মাজত এনে পৰিস্থিতিৰ সৃষ্টি হােৱাৰ পিচত বহু কৃষকে বিষয়টো কৃষি বিভাগৰ গ্রামসেৱক আৰু কৃষি বিষয়াক অৱগত কৰিছে যদিও বিষয়টো সন্দৰ্ভত আজি পর্যন্ত কোনােধৰণৰ গুৰুত্ব প্রদান কৰা নাই বুলি কৃষকসকলে সংবাদমাধ্যমক জানিবলৈ দিছে। চৰকাৰী বীজ ব্যৱহাৰ কৰি কৃষকসকল সর্বস্বান্ত হৈছে যদিও এইক্ষেত্ৰত জিলাখনৰ কৃষি বিভাগ মুঠেই চিন্তিত নহয় বুলিও কৃষকসকলে কয়। অশেষ কষ্ট আৰু ধন খৰচ কৰি ইৰিধানৰ খেতি কৰি ভৱিষ্যতৰ সপােন দেখা কৃষকসকলৰ তেনে সপােন চূৰমাৰ হােৱাৰ উপক্ৰম হােৱাৰ সময়তাে এনে বিষয়ত কৃষি বিভাগৰ পৰা কোনাে সঁহাৰি লাভ নকৰাত কৃষকসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ পিনে গতি কৰিছে। ৰাজ্যৰ কৃষকসকল এইদৰে লােকচানৰ সন্মুখীন হােৱাৰ পিচতাে মন্ত্রী-আমােলা-বিষয়াই বিদেশ ভ্রমণত ব্যস্ত থকাত ক্ষোভ প্রকাশ কৰিছে একাংশ কৃষকে। উল্লেখ্য যে, বিগত বৰ্ষৰ বৰপেটা জিলাৰ কৃষকসকলে আমেৰিকাৰ এডভাণ্টা’ কোম্পানীৰ পি এ চি ৮৩৭ নামৰ বৰ্ণশংকৰ ধানৰ বীজেৰে ইৰিধানৰ খেতি কৰি ৩৯,৮৮৭.৩০ হেক্টৰ মাটিত ইৰিধান খেতি বিনষ্ট হােৱা বুলি চৰকাৰৰ কৃষি বিভাগৰ তথ্যত প্রকাশ। তথ্যমতে, ৮১১৯ টা কৃষক পৰিয়ালে ৩ কোটি ৭৫ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈছিল। এইবাৰ জিলাখনৰ কলগাছিয়া ৰাজহ চক্ৰৰ লগতে বৰপেটা, বাঘবৰ, চেঙা ৰাজহ চক্ৰতাে ইৰিধান খেতিত বর্তমান সময়লৈ থােক নােলােৱা বিষয়টোত কৃষি বিভাগে গুৰুত্ব প্রদান নকৰাত কৃষকসকল ক্ষোভিত হৈ পৰিছে। চৰকাৰ আৰু কৃষি বিভাগৰ এনে ভূমিকাত অতিষ্ঠ হৈ কৃষকসকলে অচিৰেই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলিও চৰকাৰক সকিয়াই দিয়ে কৃষকসকলে।

No comments:

Post a Comment

SPONSORED